অহৰহ মৃত্যুৰ ভাবুকি লাভ কৰি অহাৰ বাবে ছলমান খানৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। তেওঁৰ গাড়ী সলনি কৰা হৈছে, নিৰাপত্তা ৰক্ষীৰ সংখ্যা বাঢ়িছে। এইবাৰ ছলমানৰ ছবিৰ নায়িকা পূজা হেগড়েয়ে (Actress Pooja Hegde) লাভ কৰিছে মৃত্যুৰ ভাবুকি (Received death threats)।
জানিব পৰা মতে, শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ডুবাইৰ এখন বাৰৰ উদ্বোধনী অনুষ্ঠানলৈ যায়। তাতেই পূজাৰ কাৰোবাৰ লগত কাজিয়া হয়। সেই সময়ত কোনোবাই পোনপটীয়াকৈ অভিনেত্ৰীগৰাকীক মৃত্যুৰ ভাবুকি (Death threat to the actress directly) দিয়া বুলি জানিবলৈ পোৱা গৈছে। ডুবাইত কাম শেষ কৰি পূজা সোনকালে ভাৰতলৈ উভতি আহে। অৱশ্যে এই ঘটনা সন্দৰ্ভত পূজাৰ জনসংযোগ বিভাগৰ বিষয়াসকলে এতিয়াও কোনো মন্তব্য কৰা নাই।
২০১২ চনত তেওঁ এখন তেলেগু ছবিৰে মনোৰঞ্জন জগতত আত্মপ্ৰকাশ কৰিছিল পূজাই। চাৰি বছৰ ধৰি দক্ষিণৰ মনোৰঞ্জন জগতত কাম কৰি বলীউডত ভৰি দিছিল অভিনেত্ৰী পূজা হেগড়েয়ে। ‘মহেঞ্জোদাৰো’ ছবিত ঋত্বিক ৰোশনৰ দৰে তাৰকাৰ সৈতে বলীউডত আত্মপ্ৰকাশ কৰিছিল পূজাই। বলীউডৰ প্ৰথমখন ছবিত তেওঁ সফলতা লাভ কৰিব নোৱাৰিলে। তাৰ পিছত পূজা দক্ষিণৰ উদ্যোগলৈ উভতি যায়।
অৱশ্যে বলীউডক সম্পূৰ্ণৰূপে এৰি যোৱা নাছিল। অক্ষয় কুমাৰৰ সৈতে ‘হাউছফুল ৪’ত অভিনয় কৰিছিল। কিন্তু বক্স অফিচত ছবিখনে বিশেষ সঁহাৰি নাপালে। ছলমান খানৰ সৈতে পূজাৰ চিনেমা ‘কিছি কা ভাই কিছি কি জান’ মুক্তি পালে। বক্স অফিচত এই ছবিখনো বিফল হয়। ইখনৰ পিছত সিখন ফ্লপ ছবিৰ বোজা কান্ধত। তাতে আকৌ তেওঁৰ জীৱনত এয়া নতুন বিড়ম্বনা।