যোৱা বছৰৰ ১২ ডিচেম্বৰত পাঠান মুক্তি পোৱাৰ পূৰ্বে শ্বাহৰুখ খানে (Shah Rukh Khan) মুখ ঢাকি জম্মুৰ বৈষ্ণদেৱীৰ মন্দিৰলৈ গৈছিল। জানুৱাৰী মাহত মুক্তিলাভ কৰিছিল পাঠান। বক্স অফিচত ১০০০ কোটি টকাৰ ব্যৱসায়ৰ নতুন অভিলেখ ৰচিছিল এই ছবিখনে। তাৰ ছমাহৰ ভিতৰত মুক্তিলাভ কৰে শ্বাহৰুখৰ বছৰটোৰ দ্বিতীয়খন ছবি ‘জোৱান’। উক্ত ছবিখনে ‘পাঠান’ৰ অভিলেখ ভংগ কৰে। এইবাৰ অহা ২১ ডিচেম্বৰত (21st Decmber) মুক্তি পাব শ্বাহৰুখৰ তৃতীয়খন ছবি ‘ডাংকি’ (Shah Rukh’s third film ‘Dunki’ to release)।
তাৰ পূৰ্বে সোমবাৰে নিশা জম্মুৰ তীৰ্থস্থানলৈ যায় শ্বাহৰুখ খান। কটকটীয়া নিৰাপত্তাৰ মাজত মন্দিৰৰ ফালে খোজকাঢ়ি যোৱা শ্বাহৰুখ খানৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে। তেওঁৰ লগত আছে তেওঁৰ সহকাৰী পূজা দাদলানি। শ্বাহৰুখ খানে পৰিধান কৰে ক’লা ৰঙৰ পাফ জেকেট।
ৰাজকুমাৰ হিৰাণীৰ ‘ডাংকি’ত (Rajkumar Hirani’s ‘Dunki’) নতুন অৱতাৰত দেখা যাব শ্বাহৰুখক। ‘জোৱান’ আৰু ‘পাঠান’ দুয়োখন ছবিতে একচন অৱতাৰত ডাঙৰ পৰ্দাত দেখা দিছিল শ্বাহৰুখে। কিন্তু এই ছবিখনত তেওঁ দিশ সলনি কৰিলে। ‘ডাংকি’ এখন সম্পূৰ্ণ কমেডী ছবি হ’ব বুলি ইংগিত দিয়া হৈছে। ছবিখনত শ্বাহৰুখৰ চৰিত্ৰটোৰ নাম হাৰ্ডি। পূর্বাভাস মতে, ছবিখনৰ পৰিৱেশ হৈছে পঞ্জাব আৰু অভিভাষণ।
ইয়াত নৱ প্ৰজন্মৰ মাজত উন্নত জীৱনৰ আশাত লণ্ডনলৈ যোৱাৰ ধাৰাটোক উজ্জ্বল কৰি তোলা হৈছে। ছবিখনৰ শ্বাহৰুখৰ চৰিত্ৰটোৱে লণ্ডনলৈ যাবলৈ হাহাকাৰ কৰিছে। বাদশ্বাহৰ লগত আছে তাপসী পান্নু, বিকি কৌশল। বিশেষ ভূমিকাত আছে বোমান ইৰাণী। ‘পাঠান’ আৰু ‘জোৱান’ৰ দৰে এই ছবিখনো বক্স অফিচত সফল হ’ব বুলি চলচ্চিত্ৰ বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছে।