প্ৰেয়সীক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অভিনেতা জগদীশ ভাণ্ডাৰী (Actor Jagdish Bhandari)। উল্লেখযোগ্য যে আল্লু অৰ্জুন অভিনীত ‘পুষ্পা’ (Puspa) ছবিৰ জৰিয়তে দৰ্শকৰ মাজত পৰিচিত হয় অভিনেতাগৰাকী। কিন্তু প্ৰেমিকাৰ পিতৃয়ে জগদীশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। যথেষ্ট সময় ধৰি দুয়োৰে মাজত লিভ-ইন সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে। ‘পুষ্পা’ ছবিখনৰ অভিনেতাগৰাকীয়ে প্ৰেমিকাক বিভিন্ন ধৰণে গালি-গালাজ কৰা বুলিও তেওঁৰ পৰিয়ালৰ অভিযোগ।
আৰক্ষীৰ সূত্ৰ অনুসৰি, জগদীশৰ প্ৰেমিকাৰ বয়স ২৯ বছৰ। তেওঁ ঘৰতে আত্মহত্যা (Girlfriend’s suicide) কৰে। যুৱতীগৰাকীৰ মৃত্যুৰ পিছতে তেওঁৰ পিতৃয়ে আৰক্ষীৰ কাষ চাপে আৰু জগদীশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। জগদীশে বাৰে বাৰে প্ৰেয়সীক ভাবুকি দিয়া বুলিও অভিযোগ উঠিছে।
তেওঁৰ পিতৃয়ে দাবী কৰে যে অভিনেতাজনৰ অত্যাচাৰৰ বাবেই তেওঁৰ কন্যাই এই কঠিন সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল। আতিশয্যা, নিৰ্যাতন, মানসিক যন্ত্ৰণা সহ্য কৰিব নোৱাৰি তেওঁ নিজকে শেষ কৰাৰ সিদ্ধান্ত লয় বুলি কোৱা হৈছে।
আনহাতে, পিতৃৰ অভিযোগৰ ভিত্তিত হায়দৰাবাদ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে জগদীশৰ মৃত প্ৰেমিকাৰ ফোনত অনুসন্ধান চলাই অভিনেতাজনৰ বিৰুদ্ধে কেইবাটাও প্ৰমাণ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। বুধবাৰে আৰক্ষীয়ে উপলব্ধ প্ৰমাণৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩০৬ ধাৰাত গ্ৰেপ্তাৰ কৰে অভিনেতাজনক। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে জগদীশ বা তেওঁৰ পৰিয়ালৰ পৰা কোনো বিবৃতি পোৱা হোৱা নাই।