অভিনেতা দীনেশ ফাডনিছ আৰু নাই (Actor Dinesh Fadnis no more)। জনপ্ৰিয় হিন্দী টেলিভিছন ধাৰাবাহিক ‘চি আই ডি’ত ইন্সপেক্টৰ ফ্ৰেডেৰিকছৰ (Inspector Fredericks at CID) চৰিত্ৰত অভিনয় কৰিছিল দীনেশে। কেইবাদিনৰে পৰা তেওঁ অসুস্থ হৈ আছিল। সূত্ৰ অনুসৰি, মুম্বাইৰ এখন চিকিৎসালয়ত ‘লিভাৰ ফেইলাৰ’ৰ বাবে তেওঁৰ মৃত্যু (Death due to ‘liver failure’) হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৭ বছৰ।
শেহতীয়াকৈ দিনেশৰ হৃদৰোগো ধৰা পৰে। তেওঁক মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ অৱস্থা সংকটজনক আছিল। তেওঁক ভেন্টিলেচনত ৰখা হৈছিল। কিন্তু সকলো প্ৰচেষ্টা বিফল হয়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, দীনেশৰ যকৃৎ বিকল হৈ গৈছিল। তাৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি জনোৱা হৈছে।
বি পি সিঙৰ পৰিচালিত ‘চি আই ডি’ ১৯৯৮ চনত আৰম্ভ হৈছিল। শিৱাজী সতমে এই ধাৰাবাহিকখনত এচিপি প্ৰদ্যুম্নৰ চৰিত্ৰত অভিনয় কৰিছিল। দয়াৰ চৰিত্ৰত অভিনয় কৰিছিল দয়ানন্দ শেট্টীয়ে। দীনেশে ইন্সপেক্টৰ ফ্ৰেডেৰিকছৰ চৰিত্ৰত অভিনয় কৰিছিল। সময়ৰ লগে লগে ধাৰাবাহিকখন কেইবাটাও চৰিত্ৰৰে গতিশীল হৈ পৰে যদিও এই তিনিজনৰ জনপ্ৰিয়তা আজিও অটুট আছে।