
নিতৌ ন-ন কৌশল অবলম্বন কৰি কাৰ্বি আংলং জিলাৰ মাজেৰে অব্যাহত আছে অবৈধ বার্মিজ চুপাৰিৰ বেহা। আৰক্ষীৰ তৎপৰতাত এনে বহু অবৈধ চুপাৰি জব্দও হৈ আহিছে। আজি বোকাজানৰ সীমান্তৰ খটখটী থানাৰ আৰক্ষীয়ে (Khatkhati Police Station) অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ বার্মিজ চুপাৰি জব্দ (Burmese supari seized) কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে চিমেন্ট কঢ়িওৱা এখন খালী ট্রাকত গোপন চেম্বাৰ বনাই বার্মিজ চুপাৰি সৰবৰাহৰ চেষ্টা চলোৱা এখন ট্রাক চালকসহ জব্দ (Truck and Driver arrested) কৰিবলৈ সক্ষম হয়।

এএছ-০১-এমচি-৯৩৩১ নম্বৰৰ ট্রাকখনত গোপন চেম্বাৰ বনাই ১৫০০ কেজি চুপাৰি সৰবৰাহৰ চেষ্টা চলোৱা ট্রাকখন জব্দ (1,500 kg of supari seized from truck) কৰাৰ লগতে ট্রাকখনৰ চালক বৰপেটা জিলাৰ ৰফিকুল নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ মণিপুৰৰ ইম্ফলৰ পৰা বৰপেটা জিলাৰ হাউলি অভিমুখে গৈ থকা অৱস্থাত খটখটী আৰক্ষীয়ে এই অবৈধ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়।












