![]()
বহু দিনৰ বিৰতিৰ মূৰত আমিৰ খানে কৰিছে এক ডাঙৰ ঘোষণা (Aamir Khan’s big announcement)। পুনৰ নতুন ৰূপত বলিউডলৈ উভতি আহিব অভিনেতাগৰাকী। তেওঁৰ পৰৱৰ্তী প্ৰজেক্ট হৈছে ৰাজ কুমাৰ সন্তোষীৰ ‘লাহোৰ ১৯৪৭’ (‘Lahore 1947’), যʼত নায়ক ছানি দেউল (Sunny Deol)।
আমিৰে নিজৰ প্ৰডাকচন কোম্পানীৰ হৈ এই খবৰটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। অভিনেতাগৰাকীয়ে লিখিছে, “মই আৰু মোৰ সমগ্ৰ দলটোৱে আমাৰ পৰৱৰ্তী প্ৰজেক্টৰ কথা ঘোষণা কৰি অতিশয় উৎসাহিত আৰু আনন্দিত হৈছো। মূল চৰিত্ৰত আছে ছানী দেউল। প্ৰিয় পৰিচালক ৰাজ কুমাৰ সন্তোষী ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে। সকলোৰে সৈতে আমি যি যাত্ৰা আৰম্ভ কৰিছো সেয়া সমৃদ্ধিশালী হ’ব বুলি আশা কৰিলোঁ। আপোনালোকৰ আশীৰ্বাদ বিচাৰো।”

ইফালে এই ডাঙৰ ঘোষণাক লৈ উৎফুল্লিত হৈছে দুয়োগৰাকী তাৰকাৰ অনুৰাগী। ‘নিশ্চিতভাৱে ই ব্লকবাষ্টাৰ হʼব!’ বহুতে মন্তব্য কৰিছে। এজনে লিখিছে, ‘অপেক্ষাত আছোঁ’। আন এজন ব্যক্তিয়ে লিখিছে, ‘মজা হʼব।’
আনহাতে, সমালোচকৰ জল্পনা-কল্পনা মতে, এই ছবিখন খুশৱন্ত সিঙৰ উপন্যাস ‘ট্ৰেইন টু পাকিস্তান’ৰ আধাৰত নিৰ্মিত হʼব। অৱশ্যে ছবিখনৰ চিত্ৰনাট্য সম্পৰ্কীয় তথ্য এতিয়ালৈকে প্ৰকাশ পোৱা নাই।













