দাক্ষিণাত্যৰ ছবিৰ (South Indian Film) হিন্দী সংস্কৰণ (Hindi Edition)ৰ অনুমতি লʼবলৈ চিবিএফচি (CBFC)লৈ যোৱাটোৱেই বিপদ হ’ল। চেন্সৰ বোৰ্ডে উৎকোচ দাবী (Censor Board demands bribe) কৰা বুলি দাবী কৰিছে দক্ষিণৰ অভিনেতা-প্ৰযোজক বিশালে (Actor-Director Vishal)। বিশাল অভিনীত তামিল ছবি ‘মাৰ্ক এণ্টনি’ চলিত মাহত ছবিগৃহত মুক্তি লাভ কৰিছে।
বৃহস্পতিবাৰে ছচিয়েল মিডিয়াত নিজৰ ভিডিঅ’ পোষ্ট কৰি অভিনেতাগৰাকীয়ে দাবী কৰে যে ছবিখনৰ হিন্দী সংস্কৰণৰ ক্লিয়াৰেন্স পাবলৈ চেঞ্চৰ বোৰ্ডক ছয় লাখ ৫০ হাজাৰ টকা দিব লাগিব। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ ছচিয়েল মিডিয়া পেজত ভিডিঅʼৰ জৰিয়তে তেওঁ কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনায়। প্ৰধানমন্ত্ৰীয়েও ইয়াৰ ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰে।
বিশালৰ ভিডিঅ’ বিয়পি পৰাৰ লগে লগে কঁপনি উঠে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ত। এই সন্দৰ্ভত শুকুৰবাৰে ছচিয়েল মিডিয়াত এটা পোষ্ট কৰে মন্ত্ৰালয়ে। এক্সত (টুইটাৰ) এটা পোষ্টত লিখা হৈছে, “চিবিএফচিত অভিনেতা বিশালৰ দুৰ্নীতিৰ অভিযোগ ভিত্তিহীন। দুৰ্নীতি দমন কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ আৰু দোষী সাব্যস্ত হোৱা যিকোনো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হʼব।”
অৱশ্যে বিশালৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াই এই ঘোচ কাণ্ডৰ সৈতে কোন জড়িত সেই কথা জানিবলৈ ইতিমধ্যে মুম্বাইলৈ ৰাওনা হৈছে। চৰকাৰৰ কঠোৰ নিৰ্দেশনা যে যিকোনো ধৰণৰ দুৰ্নীতি একেবাৰে সহ্য কৰা নহ’ব। অভিযোগ প্ৰমাণিত হʼলে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হʼব। দক্ষিণৰ প্ৰযোজক বিশাল এনে কাৰ্যকলাপত সুখী।
তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ নিজৰ ছচিয়েল মিডিয়া পেজত লিখিছে, “এনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে যি ক্ষীপ্ৰ পদক্ষেপ লৈছে সেয়া মোৰ দৰে সাধাৰণ মানুহক আত্মবিশ্বাস প্ৰদান কৰিছে। আশাকৰোঁ ন্যায় হ’ব, দোষীক শাস্তি দিয়া হ’ব।”