অসমত ধাৰাসাৰ বৰষুণ (Heavy rains in Asasm)ৰ আগজাননী বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ। শুকুৰবাৰে এই সন্দৰ্ভত সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই (Meteorological Centre has sounded an alert)। বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, অহা ২৬ ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত অব্যাহত থাকিব বৰষুণ। এই সময়ছোৱাত ঠাই বিশেষে পাতলীয়াৰ পৰা মধ্যমীয়া আৰু ধাৰাসাৰ বৰষুণৰ আগজাননী প্ৰদান কৰিছে।

আনহাতে, আগন্তুক দুটা দিনৰ বাবে অসমৰ কেইবাখনো জিলাত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। সেই অনুসৰি, কোকৰাঝাৰ, বাক্সা, চিৰাং, বৰপেটা আৰু বঙাইগাঁও জিলাত প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
আনহাতে, শনিবাৰে কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও আৰু বৰপেটাত ১২-২০ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণৰ আগজাননী প্ৰদান কৰা হৈছে। আনহাতে, দেওবাৰে কোকৰাঝাৰ আৰু বাক্সা জিলাত ১২-২০ চেণ্টিমিটাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।