দেশ কপোৱা অভি-নীল হত্যাকাণ্ডৰ (Abhi-Neel murder) গোচৰৰ আজি শুনানি গ্ৰহণ কৰা হয়। নগাঁও জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে আজি গোচৰটোৰ অন্তিমজন সাক্ষী তথা গোচৰটোৰ তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীৰ সাক্ষ্যগ্ৰহণ গ্ৰহণ কৰে। উল্লেখ্য যে, এই গোচৰটোৰ মুঠ ৭১গৰাকী সাক্ষী আছিল। ইতিপূৰ্বে ৭০ গৰাকীৰ সাক্ষ্য গ্ৰহণৰ পাচত কালি এবেলা আৰু আজি এবেলা ৭১ নম্বৰ সাক্ষীগৰাকী সাক্ষ্যগ্ৰহণ সুকলমে সম্পন্ন হয়।
আজি গোচৰটোৰ শুনানিৰ নিৰ্ধাৰিত তাৰিখ উপলক্ষে ৪৭গৰাকী অভিযুক্তক অতি কটকটীয়া নিৰাপত্তাৰ মাজেৰে আদালতত হাজিৰ কৰোৱা হয়। আনহাতে,আজি শুনানিত ভাগ ল’বলৈ ভুক্তভোগী পৰিয়াল দুটাৰ পৰা ক্ৰমে নিলোৎপল দাসৰ দুৰ্ভগীয়া পিতৃ গোপাল চন্দ্ৰ দাস আৰু অভিজিৎ নাথৰ দুৰ্ভগীয়া পিতৃ অজিত নাথে অধিবক্তা সহ আহি পুৱাতে নগাঁও আদালত চৌহদত উপস্থিত হয়।আজি অন্তিম জন সাক্ষীৰ সাক্ষ্যগ্ৰহণ সম্পন্ন হোৱাৰ পাছত আদালতে পৰৱৰ্তী শুনানিৰ তাৰিখ অহা ২৯আৰু ৩০ ছেপ্টেম্বৰ ধাৰ্য কৰে বুলি জানিব পৰা গৈছে ।

আজি শুনানিৰ অন্তত নিলোৎপল দাসৰ দুৰ্ভগীয়া পিতৃ গোপাল চন্দ্ৰ দাসে সাংবাদিকৰ আগত কয় : “গোচৰটোৰ শুনানি ভালেই চলি আছে।কালি এবেলা আৰু আজি এবেলা অন্তিমজন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হয়।সাক্ষীৰ ভাষ্যত আমি সুখী। গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখ অহা ২৯আৰু ৩০ ছেপ্টেম্বৰ ধাৰ্য কৰিছে। আমি আশা কৰিছো সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ কাম এই দুটা তাৰিখতে শেষ হ’ব। তাৰ পাছত থাকিব আৰু দুটা পৰ্যায়। তথাপিও আমি এই বছৰৰ ভিতৰতে ন্যায় পাম বুলি আশা কৰিছো।” আনহাতে
গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ তুলি দাসে কয় যে বিভিন্ন কাৰণত বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হৈছে। ইতিমধ্যে পাঁচ বছৰ অতিক্ৰম কৰিছে।সেয়ে হতাশাৰ ভাৱো আহে। অসন্তুষ্টি আহিছে মনলৈ। কিন্তু আমি কলৈ যাম,কি কৰিম!
আনহাতে, অভিজিত নাথৰ দুৰ্ভগীয়া পিতৃ অজিত নাথেও বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাত অসন্তুষ্টি ব্যক্ত কৰি সাংবাদিকৰ আগত কয়:”আমি ভৱাৰ দৰে কথাবোৰ হোৱা নাই।আশা কৰিবলৈ বাদেই দিছো। তথাপিও ভগৱানে যেন আমাক ন্যায় দিব।ন্যায়লয়ৰ পৰা আমি ন্যায় পাম।”
স্মৰ্তব্য যে, বিগত ২০১৮বৰ্ষৰ ৮ জুনত কাৰ্বিআংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংস ভাৱে হত্যা কৰিছিল গুৱাহাটীৰ দুই প্ৰকৃতিপ্ৰেমী তেজাল যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক।