![]()
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই শুকুৰবাৰে সনাতন ধৰ্ম বিতৰ্কত বিৰোধীক তীব্ৰ আক্ৰমণ কৰে। বিৰোধীয়ে ‘সনাতন ধৰ্ম’ৰ বিৰুদ্ধে কাম কৰাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সভ্যতাৰ যুঁজ হʼব (2024 Lok Sabha elections will be a battle of civilisation)। নৱগঠিত বিৰোধী মঞ্চ ‘INDIA’ৰ উদ্দেশ্য দেশৰ সভ্যতা আৰু সংস্কৃতি ধ্বংস কৰাৰো অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।
“বিৰোধীয়ে কৰা মিত্ৰতাৰ উদ্দেশ্য হৈছে ‘সনাতন’ৰ বিৰুদ্ধে কাম কৰা… আগন্তুক লোকসভা নিৰ্বাচন সভ্যতাৰ যুঁজ হ’ব। ভাৰতৰ মানুহে সনাতনক সুৰক্ষিত ৰাখিব।” শুকুৰবাৰে নালন্দা বিশ্ববিদ্যালয়ত ‘বৈশালী গণতন্ত্ৰ উৎসৱ’ত অংশগ্ৰহণ কৰিবলৈ বিহাৰত উপস্থিত হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয়।













