ASSAM TIMES POST
ডিফু : নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰাজ্যসভাত গৃহীত হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ লগতে কাৰবি পাহাৰতো ক্ষোভৰ জুই দুগুণে জলি উঠিছে ৷ আজি বিয়লি ডিফু নাগৰিক সমাজৰ উদ্যোগত আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীত ডিফু চহৰ আৰু ইয়াৰ পাৰ্শৱৰ্তী এলেকাৰ প্ৰায় ৫ সহস্ৰাধিক মুনিহ, তিৰুতা, আবাল, বৃদ্ধ বণিতা, ডেকা গাভৰু স্বতঃস্ফুৰ্তভাবে ৰাজপথলৈ ওলাই আহি ডিফুৰ ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কত সমবেত হয় ৷
কেবৰ আওতাৰ পৰা ইনাৰ লাইন পাৰ্মিটযুক্ত ৰাজ্য আৰু ষষ্ঠ অনুসূচীত এলেকাক ৰেহাই দিয়া হৈছে যদিও কাৰবি আংলং জিলাত পৰিত্যক্ত ভূমিত কেবৰ আশীৰ্বাদত সংবিধান স্বীকৃত ভাৰতীয় নাগৰিকৰ সন্মান লাভ কৰা হিন্দু বাংলাদেশীয়ে পাহাৰীয়া জিলাখনত থিতাপি লব বুলি আশংকা প্ৰকাশ কৰিছে জিলাখনৰ বুদ্ধিজীৱী, আৰু সাধাৰণ ৰাইজে ৷ প্ৰতিবাদকাৰী সকলক কেবক লৈ যথেষ্ট উত্তেজিত হৈ পৰা দেখা যায় ৷
নিউজ লাইভৰ কেমেৰা পাৰচনে সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা কাৰ্যত উত্তেজিত একাংশ প্ৰতিবাদকাৰীয়ে কেমেৰা পাৰচনজনক বাতৰি প্ৰদান কৰাত বাধা প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটায় ৷ গণসমাবেশখনত অংশ গ্ৰহণ কৰা আছু, কেএছএ, ডিফু সাহিত্য সভাৰ নেতৃবৰ্গ , বিশিষ্ট লেখক , বুদ্ধিজীৱী ,লেখক আৰু জ্যেষ্ঠ সাংবাদিক সকলে কেবৰ উপস্থিতিয়ে জাতিৰ চৰম সংকট নমাই অনাৰ লগতে আৰু কেনেকৈ নিজ জন্মভূমিতে খিলঞ্জীয়া নিঃশেষ হব তাৰ ভয়াবহ যুক্তি দাঙি ধৰাৰ লগতে আন্দোলনকাৰী সকলক কেবৰ বিৰুদ্ধে অহিংস পথেৰে দীৰ্ঘ ম্যাদী আন্দোলনত নামি চৰকাৰক কেব বাতিল কৰিবলৈ বাধ্য কৰাৰ বাবে আহ্বান জনায় ৷
প্ৰতিবাদ কাৰী সকলে বিয়লি তিনিবজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ ডিফু চহৰৰ মাজেৰে তাল বজাই বৃহত সমদল উলিয়ায়৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ ফেষ্টুন আদিলৈ ‘ কেব আমি নামানো, কেব আমি ফালি দিম, বাংলাদেশী গ’ বেক, বিজেপি ডাউন ডাউন, , জাতিৰ বাবে তেজ দিম, কেব হবলৈ নিদিও ‘ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰোপৰি প্ৰতিবাদকাৰী সকলে সমদল উলিওৱাৰ সময়ত চহৰখনৰ দোকান – পোহাৰ সমূহ স্বতঃস্ফুৰ্ত ভাবে বন্ধ হৈ পৰে যদিও শান্তিপুৰ্ণভাবে প্ৰতিবাদ কাৰ্যসূচী আজিৰ বাবে সামৰণি পৰে ৷