ASSAM TIMES POST
নগাঁও : অগপৰ নগাঁও জিলা সমিতিয়ে এক বিবৃতিত উল্লেখ কৰিছে যে নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ ক্ষেত্ৰত নগাঁও জিলা সমিতিয়ে পূৰ্বৰ সিদ্ধান্ত অনুসৰি কোনো কাৰণতে মানি লোৱা নহ’ব।অগপৰ কেন্দ্ৰীয় নেতৃত্বই এই পৰ্যন্ত স্থিতি স্পষ্ট নকৰাটো দুৰ্ভাগ্যজনক।
আমি অসম আৰু অসমীয়াৰ স্বাভিমানত আঘাট হনাটো কেতিয়াও কামনা নকৰো।অগপৰ কেন্দ্ৰীয় সমিতিয়ে ৰাইজৰ পক্ষত থাকি দায়বদ্ধতাৰ পৰিচয় দিয়ক।এই আহ্বান অগপৰ জিলা সমিতিৰ সভাপতি অতুল কুমাৰ মেধি আৰু সম্পাদকদ্বয় ইনামুল হক আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ ।