ASSAM TIMES POST
ঘন্টাৰ পিছত ঘন্টা ৰাজপথ অৱৰোধ
বিয়লিৰ পৰা দোকান বজাৰ বন্ধ
বিজেপি বিধায়কৰ ঘৰ ঘেৰাও
নগাঁও : কেব’ বিৰোধী আন্দোলনে আজি নগাঁৱত ব্যাপক ৰূপ ধাৰণ কৰে।শ-শ ছাত্ৰ-ছাত্ৰী আৰু যুৱক ৰাজপথলৈ ওলাই আহি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে।ছাত্ৰ সন্থাৰ নেতৃত্বত নগাঁৱৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ডবা,কাঁহ বজাই কেব’ বিৰোধী শ্লোগানেৰে ৰাজপথ উত্তাল কৰি সমদল কৰে।
প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে নগাঁও কলেজ চাৰি আলিত ৰাজপথত পুৱা ১১ বজাৰ পৰা বিয়লিলৈকে অৱস্থান গ্ৰহন কৰি অচলাৱস্থাৰ সৃষ্টি কৰে।ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নগাঁও পলিটেকনিকৰ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে পুৱাবেলা বিজেপি বিধায়ক ৰূপক শৰ্মাৰ আমোলাপট্টিৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদৰে উত্তাল কৰি তোলে।ছাত্ৰ-ছাত্ৰী সকলে ৰাজপথত সমদল কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে।
বিয়লি শতাধিক যুৱক ৰাজপথলৈ ওলাই চহৰখনৰ সকলো দোকান-পোহাৰ বন্ধ কৰাৰ ফলত বজাৰ সমূহত নিমাওমাও পৰিবেশৰ সৃষ্টি হয়।ইফালে , চামগুৰিত বিক্ষুব্ধ ৰাইজে কেব’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে অসম পৰ্যটন নিগমৰ অধ্যক্ষ তথা বিজেপি নেতা জয়ন্তমল্ল বৰুৱাক ঘেৰাও কৰি বহু সময় আৱদ্ধ কৰি ৰাখে।
কলিয়াবৰ আৰু চামগুৰিত ৰাইজে পথ অৱৰোধ কৰে।নগাঁও নৰ্মাল স্কুলত কেব’ৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।অগপ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই আজি এক বিজ্ঞপ্তিত কয় যে অসমৰ থলুৱা মানুহক চূড়ান্ত অবজ্ঞা কৰি সংসদত উত্থাপন কৰা নাগৰিকত্ব বিধেয়কে ভাৰতীয় গণতন্ত্ৰত কালিমা সানিছে।সংখ্যাৰ হিচাপেৰে গণতন্ত্ৰৰ ৰক্ষা নহয়।মানুহৰ মতামতৰ ওপৰতহে গণতন্ত্ৰ ৰক্ষা হয়।গণতন্ত্ৰক পদাঘাট কৰা কাৰ্য অতিশয় কাপুৰুষালি আৰু নিন্দনীয়।