স্বাধীনতা দিৱসত শিল্পা শেট্টীয়ে (Shilpa Shetty) নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। উক্ত অনুষ্ঠানত গোটেই পৰিয়ালটোৱে বগা সাজ-পোছাক পৰিধান কৰে। শিশুসকলেও জাতীয় পতাকা সজাইছে। সিমানখিনিলৈকে ঠিকেই আছিল। কিন্তু শিল্পা শেট্টীৰ ভৰিত জোতা দেখি নেটিজেনসকলে সমালোচনাৰ বান বোৱালে।
দাবী কৰা হৈছে যে পতাকা উত্তোলন কৰাৰ সময়ত জোতা খুলিব লাগিছিল। কিন্তু মনে মনে নাথাকিল অভিনেত্ৰীগৰাকীও। উত্তৰত ক’লে, তেওঁ জাতীয় পতাকা উত্তোলনৰ নিয়ম জানে। নেতিবাচক চিন্তা বিয়পাই নিদিয়াকৈ মনৰ পৰা সকলো গ্ৰহণ কৰাটো উদাৰ মনৰ লক্ষণ।
‘ৱেলকাম’ত অক্ষয়
‘ৱেলকাম ৩’-ক লৈ গুঞ্জন চলি আছে। অৱশেষত যেনিবা ঘোষণা হ’ল। ছবিখনৰ নাম ‘ৱেলকাম টু দ্য জংগল’। নায়ক হিচাপে অক্ষয় কুমাৰ (Akshay Kumar)।
লগতে সঞ্জয় দত্ত, আৰ্শ্বদ ৱাৰ্চী, পৰেশ ৰাৱলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। নানা পাটেকাৰ, অনিল কাপুৰ তৃতীয় খণ্ডত নাথাকিব। মুক্তিৰ তাৰিখ হিচাপে অহা বছৰৰ খ্ৰীষ্টমাছৰ দিনটো বুক কৰিছে নিৰ্মাতাসকলে।