ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত : “কেব আমি নামানো”, “অতুল বৰা গ’ বেগ”, “জাতিৰ শত্ৰুক আমি ক্ষমা নকৰো”, “বিজেপি হায় হায়” আদি শ্লগানেৰে সমবেত হোৱা তিনি শতাধিক লোকৰ প্ৰতিবাদী সমদলে উত্তাল বোকাখাত চহৰ ৷
প্ৰয়াস অধ্যয়ন চক্ৰৰ নেতৃত্বত আৰু বোকাখাত, মহুৰামুখ, দিচৈ আৰু ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ সহযোগত গণ বিক্ষোভ আৰু প্ৰতিবাদী সমদলে বোকাখাত আৰক্ষী থানাৰ চৌহদত অৱস্থান কৰে । স্বতঃস্ফূৰ্ত স্থানীয় জনসাধাৰণৰ সহযোগত অহা ১৩ ডিচেম্বৰত হবলগা বিশাল বোকাখাত হুংকাৰৰ প্ৰচাৰ চলায়।
প্ৰতিবাদৰ নেতৃত্ব লোৱা সোনেশ্বৰ নৰহে বোকাখাত আৰক্ষীয়ে এই আন্দোলনত অংশ লোৱাৰ আহ্বান জনোৱাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰীক বিনাচৰ্তে মুকলি কৰা দাবী তোলে । শান্তি পূৰ্ণ ভাবে এই প্ৰতিবাদ সম্পন্ন হয়। ইফালে কেব-ৰ বাতিলৰ দাবীত বোকাখাত নগৰৰ মাজেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত গৰিষ্ঠসংখ্যক স্থানীয় স্থানীয় ৰাইজে। ৰাজনৈতিক অস্থিৰতাৰ মাজতে বোকাখাতৰ আজিৰ প্ৰতিবাদ সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল আৰু কোনো ধৰণৰ বিক্ষিপ্ত ঘটনাৰ খবৰ প্ৰাপ্ত হোৱা নাই।