ASSAM TIMES POST
গোৱালপাৰা : ৰাজ্যৰ ২১ খন পলিটেকনিকৰ ছাত্র ছাত্ৰীৰ কেব বিৰোধী প্ৰতিবাদ । পৰীক্ষা বৰ্জন । ছাত্র ছাত্ৰীয়ে হাত কাটি তেজেৰে লিখিলে কেব বিৰোধী শ্লোগান । সদৌ অসম পলিটেকনিক ছাত্র একতা সভাৰ সিদ্ধান্ত মৰ্মে গোৱালপাৰা পলিটেকনিকৰ ছাত্র ছাত্ৰীসকলেও কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে ।
আজি পুৱাৰে গোৱালপাৰা পলিটেকনিকৰ সন্মুখত তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে । ছাত্র ছাত্ৰীয়ে হাত কাটি তেজেৰে লিখিছে কেব বিৰোধী শ্লোগান । সদৌ অসম পলিটেকনিক ছাত্র একতা সভাৰ সিদ্ধান্ত মৰ্মে কেবৰ বিৰোধীতা কৰি ২১ খন পলিটেকনিকৰ ছাত্র ছাত্ৰীয়ে পৰীক্ষা বৰ্জন কৰি প্ৰতিবাদ চলাই আছে ।
গোৱালপাৰা পলিটেকনিকৰ সন্মুখত টায়াৰ জ্বলাই বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি ৰাখিছে । পৰিস্থিতি যাতে বেয়াৰ ফালে ঢাল নাখায় তাৰ প্ৰতি লক্ষ্য কৰি পলিটেকনিকৰ বৃহৎ পৰিমাণৰ আৰক্ষী মোতায়ন কৰা হৈছে । দেশতকৈ পৰীক্ষা ডাঙৰ নহয় বুলি কৈ প্ৰতিবাদ অব্যাহত ৰাখিছে ছাত্র ছাত্ৰী সকলে ।