ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ নিজৰ গাঁৱতেই প্ৰতিকৃতি দাহ কৰিলে খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ৷ কেবৰ বিৰোধিতাৰে মেলামৰা মহাবিদ্যালয় আৰু মেলামৰা কণিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মেলামৰা চাৰিআলিত বিধায়কগৰাকীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
মহাবিদ্যালয় দুখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদত সহযোগিতা কৰিলে পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থা আৰু আটছাই৷ কেবৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত প্ৰতিবাদ হৈ থকাৰ সময়তে খুমটাইৰ বিধায়কগৰাকীৰ নিজা গাঁৱত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ কৰি বিজেপি চৰকাৰ আৰু বিধায়ক মৃণাল শইকীয়াক তীব্ৰ সমালোচনা কৰে৷
বিধায়কগৰাকীৰ গাঁৱৰ কোনো এজন ছাত্ৰই কেব মানি নলয় বুলি হুংকাৰ প্ৰদান কৰিছে। প্ৰতিবাদকাৰীসকলে বিজেপি মুৰ্দাবাদ, সৰ্বানন্দ সোনণোৱাল হুছিয়াৰ, মৃণাল শইকীয়া লেই লেই চেই চেই আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰতিবাদত বাধা প্ৰদান কৰোতে হতাহতিৰো সৃষ্টি হয়৷