ASSAM TIMES POST
নগাঁও : নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত আজি উত্তৰ পূৱ ছাত্ৰ সন্হা চমুকৈ নেচ’ ই আহবান জনোৱা ১১ ঘন্টীয়া উত্তৰ পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে নগাঁও জিলাত । বন্ধৰ সময়ত আছু , জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন সংগঠনে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।
আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ সদস্যই নগাঁও চহৰৰ আৱৰ্ত ভৱন চাৰিআলিত বন্ধৰ সমৰ্থনত টায়াৰ জ্বলাই কৰা প্ৰতিবাদত বাধা দিবলৈ চেষ্টা চলাওঁতে আৰক্ষীৰ লগত ঠেলাগতা লাগে । এজন অতিৰিক্ত আৰক্ষী অধীক্ষকে এজন প্ৰতিবাদকাৰীক ডিঙিত ধৰি চোচঁৰাই নিবলৈ চেষ্টা চলোৱাত প্ৰতিবাদকাৰী সকলে বিষয়াজনক ঘেৰাও কৰি ধৰাত তেওঁৰ চেষ্টা ব্যৰ্থ হয় ।
কেব’ৰ প্ৰতিবাদত নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষক ছাত্ৰ সকলে অৱস্হান ধৰ্মঘট পালন কৰে । কাৰ্যসুচীত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য কন্দৰ্প কুমাৰ ডেকাই অংশ গ্ৰহণ কৰে । নগাঁৱৰ কৃষ্ণাইখাটত চাৰিলেন যুক্ত বাইপাচপথত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পৰিবেশ উত্তাল কৰি তোলে।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিভিন্ন অঞ্চলৰ ৰাইজে ৰাজপথত টায়াৰ জ্বলাই বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল’গানেৰে ৰাজপথতে বহি প্ৰতিবাদ কৰে । অসম চৰকাৰ হায় হায় ; নৰেন্দ্ৰ মোডী গ’ বেক ;সৰ্ব্বানন্দ সোনোৱাল মুৰ্দাবাদ ; হিমন্ত বিশ্ব মুৰ্দ্দাবাদ ধৰ্ণাৰে পৰিবেশ উত্তাল কৰি তোলে ।
পিছত ঘটনাস্হলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ৰাজপথৰ পৰা প্ৰতিবাদকাৰী সকলক আঁতৰাই পঠিয়ায়।ইপিনে আৰক্ষীয়ে বৰঘাটৰ পৰা আন্ত: পাঠৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক আৰু উৰিয়াগাঁও চকৰ পৰা উৰিয়াগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদকক আটক কৰে আৰু পিচত মুকলি কৰি দিয়ে।বন্ধৰ সময়ছোৱাত নগাঁৱৰ অফিচ-কাৰ্যালয়, দোকান-পোহাৰ,যানবাহনৰ চলাচল বন্ধ থাকে।