Mind Garage নামৰ ইউটিউব চেনেলটোত অলপতে “চিনেগল্প“ ৰ প্ৰথমটো প্ৰকল্প “খোজৰ শব্দ” গল্পটোৰ চিনেৰূপটোৱে মুক্তি লাভ কৰিছিল। দৰ্শকৰ পৰা লাভ কৰা বহুল জনপ্ৰিয়তাৰ পিছত এতিয়া ইয়াৰ দ্বিতীয়টো প্ৰকল্প “প্ৰাপ্তি” মুক্তি লাভ কৰিবলৈ সাজু হৈছে। “প্ৰাপ্তি” ৰ গল্পকাৰ হৈছে মনালিছা শইকীয়া।
প্ৰকল্পটোৰ পৰিচালনা আৰু পৰিকল্পনাৰ দায়িত্বত আছে পুনৰ বাৰ হিমাংশু প্ৰসাদ দাস । পাঠ কৰিছে জেৰিফা ৱাহিদে। অভিনয় কৰিছে ক্ৰমে স্বাগতা ভৰালী, গীতাৰ্থ শৰ্মা আৰু নন্দিতা ডেকাই।
অহা ১১ আগষ্টত মুক্তি পাবলগীয়া এই প্ৰকল্পটোক লৈ এতিয়া অপেক্ষাৰত দৰ্শকসকল।