অহা ২৫ আগষ্টত ৰীলড্ৰামাত মুক্তি লাভ কৰিব এখন বহু প্ৰত্যাশিত চিৰিজ “কৃষ্ণচূড়া.com”। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃতি, নিৰ্বাচন, হোষ্টেল, শিক্ষা ইত্যাদি প্ৰতিটো দিশ সামৰি নিৰ্মিত চিৰিজ “কৃষ্ণচূড়া.com” ইতিমধ্যে যুৱপ্ৰজন্মৰ মাজত খলকনিৰ সৃষ্টি কৰিছে।
এই “কৃষ্ণচূড়া.com” নামৰ চিৰিজখনত বিশ্ববিদ্যালয়ৰ প্ৰায় ৪,০০০ ছাত্ৰ-ছাত্ৰীয়ে অভিনয় কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে আৱেগ এই শিক্ষানুষ্ঠানখন। চিৰিজখনৰ পৰিচালনা যুৱ পৰিচালক প্ৰণৱ ভৰালী।ল
চিৰিজখনত অভিনয় কৰিছে কমল লোচন, কুইন শিৱম, প্ৰীতি প্ৰিয়দৰ্শিনী আৰু হিতাৰ্থ বৰাকে আদি কৰি আন বিভিন্ন গৰাকী প্ৰতিভাক।