দীপলিনা ডেকা (Deeplina Deka) … এনে এগৰাকী শিল্পী যাৰ অভিনয়, কণ্ঠ ইত্যাদি প্ৰতিটো দিশেই সকলোৰে বাবে আমোদৰ কাৰক। শেহতীয়াকৈ তেওঁৰ কণ্ঠ আৰু অভিনয়ৰে নিৰ্মিত “ধিমিক-ধামাক” গীতটি মুক্তিৰ পিছতেই জনপ্ৰিয় হৈ উঠিছে।
প্ৰেমৰ নতুন সংজ্ঞাৰে প্ৰস্তুতিত গীতটিৰ ভিডিঅ’টোৱে সমাদৰ লাভ কৰাৰ লগতে জনসাধাৰণৰ ইতিবাচক মন্তব্যও লাভ কৰিছে। “খোজৰ শব্দ” ত কৰা অভিনয়ৰ পিছতেই দীপলিনাৰ কণ্ঠৰে মুক্তি লাভ কৰা নতুন গীতটিৱে অনুৰাগীক যথেষ্ট উৎসাহিত কৰিছে।
দীপলিনাৰ লগতে ভিডিঅ’টোত অভিনয় কৰিছে প্ৰাঞ্জল হালৈয়ে। লগতে ভিডিঅ’ পৰিচালনা আৰু কৰিঅ’গ্ৰাফী শচীন বৰুৱাৰ। গীতটিৰ কথা ৰাজদ্বীপৰ লগতে সংগীত কৰিছে পল্লৱ তালুকদাৰে। শব্দ সংমিশ্ৰণ কৰিছে ইবচন লাল বৰুৱাই।