![]()
কাৰ্বি আংলং জিলাৰ বোকাজানত (Bokajan in Karbi Anglong District) থকা বিলাতী মাটিৰ কাৰখানা কৰ্তৃপক্ষৰ বিৰুদ্ধে (Against the Cement factory authorities) বিভিন্ন সময়ত উত্থাপিত হৈ অহা কেতবোৰ অভিযোগ সন্দৰ্ভত আজি ʼআছুʼৰ উদ্যোগত বোকাজানত এক বিক্ষোভ কাৰ্যসূচী (Protest programme by AASU ) ৰূপায়ণ কৰা হয়।

উত্তৰ-পূৱ ভাৰতৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ হিচাপে বোকাজান বিলাতী মাটিৰ কাৰখানাৰ সম্প্ৰসাৰণৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰা, এশ শতাংশ পদত থলুৱা প্ৰাৰ্থীৰ নিযুক্তি, প্ৰদূষণ ৰোধ আৰু কাৰখানাৰ পাৰ্শ্বৱৰ্তী এলেকাত উন্নয়নমূলক কাম-কাজ ৰূপায়ণ কৰাৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ নেতা-কৰ্মীৰ লগতে বোকাজানৰ স্থানীয় লোকসকলেও অংশ লোৱা পৰিলক্ষিত হয়। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠনটোৱে ভাৰতীয় চিমেণ্ট নিগমৰ মুখ্য পৰিচালন সঞ্চালকলৈ উল্লিখিত দাবী সন্দৰ্ভত এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

আজিৰ বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক চৰ্জুন হাঞ্চে, কেন্দ্ৰীয় সমিতিৰ সদস্য অৰ্ণৱজ্যোতি কাকতি, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সম্পাদক দিগন্ত বৰা, বোকাজান প্ৰেছ ক্লাবৰ সভাপতি ৰণজিৎ বৰা, বোকাজান সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত শইকীয়া, চি চি আই কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সম্পাদক ৰবীন হাতীবৰুৱা আদি উপস্থিত থাকে।












