![]()
কিছুদিন পূৰ্বে অংগৰাগ পাপন মহন্তৰ (Angarag Papon Mahanta) কণ্ঠৰে মুক্তি লাভ কৰিছিল “মৃগতৃষ্ণা”। পাপন বুলি ক’লেই অসম কিয়, সমগ্ৰ হিন্দী মনোৰঞ্জন ক্ষেত্ৰখনতো অনুৰাগী উৎসাহিত হৈ পৰা পৰিলক্ষিত হয়। বহুদিনীয়া বিৰতিৰ অন্তত অসমীয়া ৰাইজৰ মাজলৈ “মৃগতৃষ্ণা” ক উলিয়াই দি পুনৰ বাৰ পাপনে বুটিলিছিল।

এইবাৰ এই গীতটিক সাজু কৰোৱা হৈছে ভিডিঅ’ত সংস্কৰণত মুক্তি দিয়াবলৈ। গীতটিৰ ভিডিঅ’টিত কথক নৃত্যৰে দৰ্শকক পুনৰ বাৰ মুহিব মেঘৰঞ্জীয়ে। , “7th National pride Achiever’s Award 2023” ত অভিনেত্ৰীগৰাকীক “শ্ৰেষ্ঠ কথক নৃত্যশিল্পী” ৰ খিতাপ প্ৰদান কৰা হয়।
‘লখিমী’ কে আদি কৰি ‘অভিমানী মন’, ‘পূৰ্ণিমা’ ইত্যাদি কেইবাখনো অসমীয়া ভিচিডিত অভিনীত এই অভিনেত্ৰী গৰাকীক যদিও বৰ্তমান মনোৰঞ্জন ক্ষেত্ৰখনৰ ছবি অথবা ভিচিডি সমূহত দেখিবলৈ পোৱা নাযায়, তথাপিও তেওঁৰ অনুৰাগীৰ শাৰী ক্ৰমশ দীঘলীয়া হৈ পৰিছে।













