ASSAM TIMES POST
পশ্চিম কৰ্বিআংলং : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদত আজি নেচ’ আৰু আছুকে ধৰি ৩০ টা সংগঠনে আহ্বান জনোৱা 11 ঘন্টিয়া অসম বন্ধত সমগ্ৰ অসমৰ লগতে পাৰ্বত্য জিলা কাৰ্বিআংলং আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চল সমূহটো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপে পৰিলক্ষিত হৈছে ।
পুৱাৰে পৰা জিলা সদৰ হামৰেণ,বৈঠালাংছ’,ডংকামোকাম,টুম্প্ৰেং,খেৰনী আদিকে ধৰি সমগ্ৰ জিলাখনৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়,দোকান-পোহাৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ থাকে ।
আনহাতে পশ্চিম কৰ্বিআংলং-নগাঁও জিলাৰ সীমান্তবৰ্তী অঞ্চল লংজাপ,শংকৰপুৰ আদি অঞ্চলত জাতীয় সংগঠন তথা জনসাধাৰণ স্বত্বঃস্ফুত ভাৱে ৰাজপথলৈ ওলাই আহি CAB আৰু বিজিপি চৰকাৰৰ বিৰোধে তীব্ৰ প্ৰতিবাদ জনাই | ৰাজপথত টায়াৰ জ্বলাই চৰকাৰ আৰু CAB বিৰোধি শ্লোগানৰে ৰাজপথ উত্তাল কৰি তুলে | বন্ধৰ প্ৰতি জনসাধাৰণৰ নজিৰ বিহিন সমৰ্থন দেখা গৈছে পশ্চিম কাৰ্বিআংলঙত |