ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ যোৱা ৭ ডিচেম্বৰত নুমলীগড়স্থিত দিল্লী পাব্লিক স্কুলৰ বাৰ্ষিক দিৱসৰ কাৰ্যসুচী বহু সংখ্যৰ ৰাইজৰ উপস্থিতিত আড়ম্বপূৰ্ণভাৱে উদযাপন কৰা হয়৷
“Dare to Dream” থ্ৰীম হিচাপে লোৱা আৰু নুমলীগড় পাব্লিক স্কুলৰ উপাধ্যক্ষ এ কে হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠানত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে নৰ্থ-ইষ্ট ইন্সটিচিউত অফ ছায়েন্স, যোৰহাটৰ চিএছআইআৰ ড° জি নৰহৰি শাস্ত্ৰী আৰু নুমলীগড় শোধনাগাৰৰ এম ডি বৰুৱা আৰু অতিথিৰূপে উপস্থিত থাকে নুমলীগড় পাব্লিক স্কুলৰ বি এক্কা আদি৷
বন্তি প্ৰজ্বলন আৰু সৰস্বতী বন্দনাৰে শুভাৰম্ভ কৰা অনুষ্ঠানত বিদ্যালয়খনৰ বিশেষভাৱে সক্ষম শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে “Taare Zameen Par” শীৰ্ষক এক অনুষ্ঠান পৰিৱেশন কৰে৷ তদুপৰি প্ৰাক-প্ৰাথমিক ৰ ছাত্ৰ-ছাত্ৰীসকলে এটি সুন্দৰ নৃত্য প্ৰদৰ্শনেৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে৷ ইয়াৰ পিছতে বিদ্যালয়খনৰ অন্যান্য শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷
অনুষ্ঠানৰ অন্যতম মন পৰশা অনুষ্ঠান আছিল অভিভাৱকসকলে কৰা নৃত্য প্ৰদৰ্শন৷ ইয়াৰ পিছতে অনুপা হৰবলাৰ দ্বাৰা পৰিচালিত “Dare to Dream” অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা অনুষ্ঠানে সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে দিৱসৰ লগত সংগতি ৰাখি উক্ত অনুষ্ঠানৰ মাজতে বিদ্যালয়ৰ আলোচনী উন্মোচন, বঁটা বিতৰণি, বাৰ্ষিক প্ৰতিবেদন পাঠ আদি অনুষ্ঠান অনুষ্ঠিত হয়৷ শেষত মুখ্য অতিথিৰ ভাষণ, “Wings to Fly High”শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানটোৰ সামৰণি পৰে৷