ASSAM TIMES POST
গুৱাহাটী : নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আজি প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱন ঘেৰাও কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।
যুৱ-ছাত্ৰ পৰিষদৰ এই উত্তাল প্ৰতিবাদত দিশহাৰা হৈ পৰে আৰক্ষী-নিৰাপত্তাৰক্ষী৷ প্ৰতিবাদকাৰীসকলে আৰক্ষী-নিৰাপত্তাৰক্ষীৰ বেহু ভাঙি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি অগপ নেতৃত্বক ফাঁচী কাঠত ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এই প্ৰতিবাদে ৰাজ্য প্ৰশাসনক জোকাৰি যায়৷