ASSAM TIMES POST
অৰূপ ডেকাঃ লাখ লাখ বিদেশী আহি অসমক বিপদ নঘটায়। এই ভাষ্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ। গুৱাহাটীত আজি সাংবাদিকৰ আগত এনেদৰে প্ৰকাশ কৰে বিজেপিৰ সভাপতিজনে৷
অৱশ্যে সভাপতিগৰাকীয়ে মাত্ৰ পাঁচ লাখ শৰণাৰ্থীয়ে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে বুলি সাংবাদিকৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
তেওঁ মাজুলীত ৩০০, লক্ষীমপুৰত ১০০০,চৰাইদেউত ১০০০, বৰপেটাত ২৪০০০, বাক্সাত ২৮০০০ আৰু বৰাকত ১.৩০ লাখ শৰণাৰ্থীয়ে আবেদন কৰিব পাৰে বুলি সাংবাদিকক সদৰি কৰে।সভাপতি গৰাকীয়ে বাংলাদেশত ১.২৮ কোটি হিন্দু থকা বুলি উল্লেখ কৰে যদিও তথ্যসমূহ ক’ত পালে সেই সন্দৰ্ভত মৌন হৈ থাকে।