![]()
মেডিকেলৰ প্ৰস্তুতিত অস্বাভাৱিক চাপৰ (Stress on medical preparation) বাবেই আত্মহত্যা দুই ছাত্ৰ (Two students commit suicide)ৰ। NEET পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা দুই ছাত্ৰৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।
একেদিনাই দুটা ভিন্ন হোষ্টেলৰ পৰা উদ্ধাৰ কৰে তেওঁলোকৰ মৃতদেহ। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰে কোটাৰ বিজ্ঞান নগৰ (Kota’s Science City) অঞ্চলৰ হোষ্টেলৰ পৰা মেহুল নামৰ ১৮ বছৰীয়া এজন ছাত্ৰৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ হয়। কোনো ছুইচাইড নোট পোৱা নগʼল। মেহুল আচলতে উদয়পুৰৰ বাসিন্দা। যোৱা দুমাহ ধৰি তেওঁ কোটাৰ পৰা NEET-ৰ বাবে প্ৰস্তুতি চলাই আছিল।

হোষ্টেলৰ বন্ধ কোঠাৰ দুৱাৰ ভাঙি তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।আনহাতে, কোটাৰ আন এটা হোষ্টেলৰ পৰা উদ্ধাৰ কৰে ১৮ বছৰীয়া আদিত্যৰ চিপ লোৱা মৃতদেহ। বিগত দুমাহ ধৰি তেৱোঁ NEET-ৰ বাবে প্ৰস্তুতি চলাই আছিল।
আৰক্ষীয়ে জনোৱা মতে, যোৱা দুমাহত কোটাত ৯ জন ছাত্ৰই আত্মহত্যা কৰিছে। মে’ মাহত ৫ জন আৰু জুন মাহত ৪ জন ছাত্ৰই আত্মহত্যা কৰিছিল। ছাত্ৰ-ছাত্ৰীসকলে এনে চৰম পদক্ষেপ লোৱাৰ আঁৰৰ প্ৰকৃত কাৰণ কি? মৃত ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালে ইয়াৰ তদন্তৰ দাবী জনাইছে।











