অহা কাইলৈ ২ জুনত মুক্তিপাবলগীয়া “শ্ৰী ৰঘুপতি” (Sri Raghupati) ৰ মুক্তিত নিষেধাজ্ঞা আৰোপ কৰিলে ন্যায়ালয়ে। ছবিখনৰ পূৰ্বৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাৰ সৈতে হোৱা চুক্তি উলংঘাৰ হেতুকে তেওঁৰ পুত্ৰ ধৃতিমান শৰ্মাই কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতত তৰিছিল গোচৰ। এই হেতুকে, ন্যায়াধীশে ছবিখনৰ মুক্তিত অনিৰ্দ্দিষ্ট কাললৈ নিষেধাজ্ঞা প্ৰদান কৰিছে।
যোৰহাট, শিৱসাগৰৰ লগতে গুৱাহাটীৰ বহুকেইটা ছবিগৃহত ইতিমধ্যে এডভান্স বুকিং সম্পন্ন কৰা হৈছিল ছবিখনৰ। ছবিখন মুক্তি পাবলৈ যিমান সাজু হৈ উঠিছিল সিমানেই প্ৰস্তুত হৈ আছিল দৰ্শক সকল। সম্প্ৰতি নিৰ্মাতা গোষ্ঠীয়ে এইক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব, সেয়া আগন্তুক দিনত লক্ষ্যণীয় হ’ব।