বলীউডৰ অন্যতম বিখ্যাত তাৰকা মনোজ বাজপেয়ী (Manoj Bajpayee)। বলীউডত বাণিজ্যিক ছবিৰ আবদ্ধ পথত খোজ নিদিয়াকৈয়ে তেওঁ আৰম্ভণিৰে পৰাই নিজস্ব ধাৰা সৃষ্টি কৰিছে। শেহতীয়াকৈ মুক্তিলাভ কৰা ছবি ‘ছিৰ্ফ এক বন্দা কাফি হে’। এই ছবিখনত মনোজৰ অভিনয়ে দৰ্শকৰ হৃদয় চুই গৈছে। পত্নী শ্বাবানা আৰু কন্যা আভাৰ (Wife Shabana and daughter Avar) সৈতে পৰিয়াল তেওঁৰ।
অৱশ্যে তেওঁ নিজৰ পৰিয়ালক সদায় নিজৰ কামৰ পৰা আঁতৰাই ৰাখিছে। কিন্তু এইবাৰ অভিনেতাজনে বেলেগ পথ গ্ৰহণ কৰিলে। ৰাজহুৱাভাৱে প্ৰকাশ কৰিলে পৰিয়ালটোৰ আভ্যন্তৰীণ পৰিক্ৰমা। জনালে যে জীয়েকৰ কাৰণে তেওঁৰ শিৰ নত হৈছে।কিশোৰী কন্যা আভাক লৈ চিন্তিত পিতৃ মনোজ। ছোৱালীজনীয়ে হিন্দী একেবাৰে ক’ব (Manoj’s doughter can’t speak Hindi at all) নোৱাৰে।
এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয়, “মোৰ ছোৱালীজনী সম্পূৰ্ণ ইংৰাজী হৈ পৰিছে। হিন্দী একেবাৰে নকয়।” ছোৱালীজনীৰ শিক্ষকেও অভিযোগ কৰে। মনোজে কয়, “ছোৱালীজনীৰ এগৰাকী শিক্ষকে মোক ফোন কৰি ক’লে তাই হিন্দী নোকোৱাৰ কথা। শুনিয়েই শিৰ নত হৈছিল। বহুত লজ্জিত মই।
কিন্তু হিন্দী চিনেমা তেওঁৰ বৰ ভাল লাগে। এতিয়া তেওঁ সেয়া চোৱাৰ অভ্যাস কৰি আছে।” কিন্তু ছোৱালীজনী বৰ অমায়িক বুলি অভিনেতাজনে কয়। ‘বাগী ২’ৰ চেটত তেওঁ টাইগাৰ শ্ৰফৰ সৈতে এটা মুহূৰ্ততে বন্ধুত্ব গঢ়ি তুলিছিল। তেন্তে কি আভাই পিতৃৰ দৰে অভিনয় কৰিবনে? সেই বিষয়ে খ্যাতনামা পিতৃয়ে মুখ খুলিব নিবিচাৰিলে।