হেম বৰুৱা দেৱৰ হৃদয়স্পৰ্শী কবিতা “মমতাৰ চিঠি” ৰ আধাৰত নিৰ্মিত একেই নামৰ ছবি আহি আছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰলৈ। কবিতাটোত উপস্থাপন “মমতা” ৰ হৃদয়ৰ গাঁথা সমূহক লৈ আগন্তুক দিনত অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজে উপভোগ কৰিবলৈ পাব এখন নতুন ছবি।
পৰিচালনাৰ দায়িত্বত থকা নিৰ্মল দাসে ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপো লিখিছে। উক্ত ছবিখনত অভিনয় কৰিছে ক্ৰমে গুঞ্জন ভৰদ্বাজ, গীতাঞ্জলী শইকীয়া, বিপ্লৱ বৰকাকতি, ভাৰ্গৱ কটকী, চেতনা দাস, ৰীনা বৰা, মল্লিকা শৰ্মা, বিশ্বজিৎ ওজা, পল্লৱ পৱন বৰা, কবিন্দ্ৰ দাস আৰু হেমাংগ ৰায় চৌধুৰীয়ে। সংগীত পৰিচালনা কৰিছে তৰালী শৰ্মাই, সম্পাদনা প্ৰতীম খাউণ্ডৰ লগতে গীত সমূহত কণ্ঠদান কৰিছে ক্ৰমে জুবিন গাৰ্গ আৰু ভাস্কৰ অপ’চৱেলে।
এটা কবিতাৰ আধাৰত এখন ছবি নিৰ্মাণ কৰাটো এক প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানক নেওচি কেনেদৰে ছবিখন নিৰ্মাণ কৰা হ’ব সেয়া হ’ব লক্ষ্যণীয়।