সমকামী ডেটিং এপত (gay dating app) প্ৰতাৰণা চক্ৰৰ (Cheating cycle) পৰ্দা উঠাইছে দিল্লী আৰক্ষী (Delhi Police)য়ে। শুকুৰবাৰে প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হয় ৪ জন লোক। দক্ষিণ-পূব দিল্লীত সমকামী ডেটিং এপৰ জৰিয়তে ২টা চক্ৰই কেলেংকাৰী চলায়। অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
সমকামী ডেটিং এপত বিভিন্ন যুৱকৰ সৈতে যোগাযোগ কৰিছিল চক্ৰটোৱে। অভিযোগ কৰা হয় যে ইয়াৰ পিছত তেওঁলোকে যুৱককেইজনক লগ কৰি লুটপাত কৰে। আটক কৰা লোককেইজনৰ পৰা ২টা মোবাইল ফোন উদ্ধাৰ হয়। উক্ত ফোন দুটাৰ দ্বাৰা অভিযুক্তই ডেটিং এপত প্ৰতাৰণা কৰিছিল।
আৰক্ষীৰ মতে, বহু যুৱক সমকামী ডেটিং এপৰ জালত পৰিছে। অভিযোগ অনুসৰি, অভিযুক্তক লগ পোৱা বা শাৰীৰিক সম্পৰ্ক স্থাপনৰ পিছত যুৱকজনৰ পৰা ধন আদায় কৰা হয়। অভিযুক্তৰ আশংকাত যুৱককেইজনেও ধন আদায় দিয়ে। প্ৰথম এনেধৰণৰ এজাহাৰ দাখিল কৰিছিল অমৰ কল’নী থানা এলেকাত। ইয়াৰ পিছত আৰক্ষীয়ে তদন্তৰ অন্তত উক্ত চক্ৰটো ধৰা পেলায়।
গ্ৰেপ্তাৰ হয় অৰুণ কুমাৰ, বিশাল কোহলী, ৰাজেশ কুমাৰ আৰু অনুজ নামৰ ব্যক্তিকেইজন। আটাইকেইজনেই দিল্লীৰ বাসিন্দা। এই চক্ৰৰ লগত আৰু আন কোনো লোক জড়িত আছে নেকি তাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।