উচ্চতম ন্যায়ালয়ে (Suprem Court) নতুন সংসদ ভৱন উদ্বোধন (Inauguration of new Parliament Building)ক লৈ চলি থকা আইনী বিবাদৰ অন্ত পেলায়। ভাৰতৰ সাংবিধানিক মুৰব্বী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ (President Draupadi Murmu) নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে দাখিল কৰা আবেদন নাকচ (Rejection of application) কৰে।
ন্যায়াধীশ জে কে মহেশ্বৰী আৰু পি এছ নৰসিংহৰে গঠিত বিচাৰপীঠে শুকুৰবাৰে আবেদনকাৰীৰ অধিবক্তা জয়া চুকিনক কয়, “উচ্চতম ন্যায়ালয়ে বুজি পোৱা নাই যে কিয় এই জনস্বাৰ্থৰ গোচৰ দাখিল কৰা হৈছে! সংবিধানৰ ৩২নং অনুচ্ছেদ অনুসৰি এই আবেদনৰ শুনানি কৰিব নোৱাৰিব।”
ইয়াৰ পিছত আবেদনকাৰী জয়াই ভাৰতীয় সংবিধানৰ ৭৯নং অনুচ্ছেদৰ কথা উল্লেখ কৰি কয়, “উক্ত অনুচ্ছেদত স্পষ্টকৈ উল্লেখ আছে যে সংসদ ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভাৰে গঠিত। ইয়াৰ পৰৱৰ্তী দফাত ৰাষ্ট্ৰপতিয়ে লোকসভা আহ্বান, স্থগিত আৰু ভংগ কৰিব পাৰে বুলি উল্লেখ আছে। ইয়াৰ উপৰি সংসদৰ যিকোনো বৈঠকত বা দুখন বৈঠকৰ যৌথ অধিবেশনত ভাষণ আৰু বাৰ্তা দিব পাৰে। তেওঁৰ অনুমোদন অবিহনে কোনো বিল বা অধ্যাদেশে আইনী স্বীকৃতি নাপায়। কিন্তু ৰাষ্ট্ৰপতি অবিহনে নতুন সংসদ ভৱন উদ্বোধন কৰা হৈছে, যিটো কেন্দ্ৰীয় চৰকাৰৰ ‘অসংসদীয়’ পদক্ষেপ।”