অসমীয়া ছবি সমূহৰ সমান্তৰালকৈ সাজু হৈ উঠিছে ২০২৩-২৪ বৰ্ষৰ বাবে থিয়েটাৰ গোষ্ঠী সমূহ। শেহতীয়াকৈ “ৰাজমুকুট থিয়েটাৰ” (Rajmukut Theatre) গোষ্ঠীয়ে চলিত বৰ্ষৰ তেওঁলোকৰ তিনিখন বিশেষ নাট সম্পৰ্কে ৰাইজক জানিবলৈ দিয়ে।
চলিত বৰ্ষত ৰঞ্জিত কুমাৰ দত্তৰ “মেঘৰ বৰণ” ৰ সমান্তৰালকৈ ৰাজদ্বীপৰ দুখনকৈ নাটক ক্ৰমে “বেল” আৰু “ব্ৰহ্মচাৰী” হৈছে উক্ত থিয়েটাৰ গোষ্ঠীৰ এইবাৰৰ বিশেষ সংযোজন।
মানস কলিতাৰ প্ৰযোজনাৰে আহিবলগীয়া এই থিয়েটাৰ সমূহত এইবাৰ জনপ্ৰিয় অভিনেতা উৎপল দাস, অভিনেত্ৰী নন্দিনী কাশ্যপ, নিৰ্মল দত্ত, যোগেশ কাশ্যপ, শ্ৰীমন্ত মাধৱ দত্ত, কবিতা চুতীয়া, জেৰিণ বৰুৱাৰ লগতে আন কেইবাগৰাকীও শিল্পী, কলা-কুশলীক দেখিবলৈ পোৱা যাব।