সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত (AHSLC Result) পৰীক্ষাত এশ শতাংশ ফলাফল লাভ (100 percent result gain) কৰি পাৰ ভঙা আনন্দ উল্লাহ কৰিছে ডিফুৰ চন্দ্ৰছিং টেৰণ হাইস্কুল (Chandrasing Teron High School, Diphu)ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে৷ এখন চৰকাৰী বিদ্যালয় হিছাপে বিগত কিছু বছৰ ধৰি বিদ্যালয়খনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰি বিদ্যালয় কৰ্তৃপক্ষ চৰম হতাশাত ভূগিছিল৷ কিন্তু ২০২৩ বৰ্ষৰ হাইস্কুল পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে অৱতীৰ্ণ হৈ এশ শতাংশ ফলাফলেৰে বিদ্যালয়খনৰ হৃত গৌৰৱ ঘূৰাই আনিবলৈ সক্ষম হৈছে৷
উক্ত ফলাফলত স্বাভাৱিকতেই আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হয়৷ ফলাফল ঘোষণা কৰাৰ লগতে বিদ্যালয়খনত পাৰভঙা আনন্দ আৰু এক উৎসৱমূখী পৰিৱেশেৰে আনন্দৰ ঢল বয়৷ বিদ্যালয়খনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকসকলৰ চৰণ স্পৰ্শ কৰি সুভাশীষ গ্ৰহণ কৰাৰ সমান্তৰালকৈ শিক্ষক-শিক্ষয়িত্ৰী সকলেও উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোছা আৰু কলমেৰে সম্বৰ্ধনা জনায়৷ এশ শতাংশ ফলাফল লাভ কৰা বিদ্যালয়সমূহৰ ভিতৰত ডিফুৰ চন্দ্ৰছিং টেৰণ হাই স্কুল এখন৷ চন্দ্ৰছিং টেৰণ হাইস্কুলত মুঠ ১৭ গৰাকী ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ১৭ গৰাকীয়েই উত্তীৰ্ণ হয়৷
ইয়াৰে প্ৰথম বিভাগত ৭ গৰাকী আৰু দ্বিতীয় বিভাগত ১০ গৰাকী তৃতীয় বিভাগ ০ ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণিমা পাঠক কলিতা আৰু বিষয় শিক্ষয়িত্ৰী চাৰ্ণি বে’পীয়ে বিদ্যালয়খনে লাভ কৰা এনে ফলাফলৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে৷ ফলাফল ভাল কৰাৰ সংকল্পলৈ কেনেকৈ পৰীক্ষাৰ্থীক সহায় কৰিবলৈ প্ৰশিক্ষণ, যোগাযোগ আৰু সমন্বয় ৰক্ষা কৰাৰ লগতে কেনেকৈ ছঁটোৰ দৰে লাগি আছিল তাৰ বৰ্ণনা কৰে৷