![]()
শ্বাহৰুখ-পুত্ৰ আৰিয়ান খানৰ (Shah Rukh’s son Aryan Khan) প্ৰথম কামৰ বিষয়ে বহুদিনৰ পৰা চৰ্চা চলি আহিছে। সৰুৰে পৰা প্ৰচাৰৰ লাইমলাইটত ডাঙৰ হোৱা কেমেৰাৰ ফ্লেছ তেওঁৰ অহৰহ সংগী। কিন্তু তেওঁ যে দেউতাকৰ দৰে কেমেৰাৰ সন্মুখত নাথাকিব সেয়া সকলোৱে জানে। কাৰণ আৰিয়ানৰ প্ৰিয় কামটো হৈছে কেমেৰাৰ নেপথ্যত কাম কৰা। ইতিমধ্যে তেওঁক পৰিচালক হিচাপে নিযুক্তি দিয়া হৈছে।
সদ্যহতে আৰিয়ানে মুকলি কৰিছে নিজাকৈ ব্ৰেণ্ড। সেই ব্ৰেণ্ডৰ বিজ্ঞাপনত আৰিয়ানৰ পৰিচালনাৰ আত্মপ্ৰকাশ। বলীউডৰ বাদশ্বাহক ‘একচন’ বুলি কোৱাৰ সুযোগ পাইছে তেওঁৰ প্ৰথম কামত। কিন্তু এইবাৰ শ্বাহৰুখ-পুত্ৰই কেৱল কেইমিনিটমানৰ নহয়, সমগ্ৰ ৱেব ছিৰিজখন নিৰ্মাণ কৰিবলৈ ওলাইছে। শুনা গৈছে যে ধাৰাবাহিকখনৰ নাম হʼব ‘ষ্টাৰডম’ (serial ‘Stardom’)। বলীউডৰ তাৰকাসকলৰ জীৱনৰ উত্থান-পতন, খ্যাতিৰ ভাল-বেয়া দিশ সকলো আৰিয়ানৰ ধাৰাবাহিকত থাকিব।

যোৱা বছৰৰ শেষৰ ফালে আৰিয়ান খানে নিজৰ ছচিয়েল মিডিয়া পেজত এখন চিত্ৰনাট্যৰ ছবি পোষ্ট কৰিছিল। ছবিখন পোষ্ট কৰি আৰিয়ানে কয়, “চিত্ৰনাট্য লিখাৰ কাম সম্পূৰ্ণ হৈছে। অপেক্ষা কেৱল ‘Action’ ক’বলৈ।”
অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে শ্বাহৰুখ-পুত্ৰৰ প্ৰথমখন পৰিচালিত ছবিৰ বাবে। আৰু তাতেই নিহিত হৈ আছে চমক। শ্বাহৰুখ খান আৰু ৰণবীৰ সিঙে কেমিঅ’ চৰিত্ৰত অভিনয় কৰিব। অভিনেতা ৰাম কাপুৰৰ পত্নী গৌতমী কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিব। ছয়টা খণ্ডৰ এই ধাৰাবাহিকখনত আৰু কি কি আচৰিত কথা অপেক্ষা কৰি আছে, এতিয়া সেইটো চাবলগীয়া।













