বৰ্তমান সময়ত অৰিজিত সিং (Arijit Singh) অন্যতম জনপ্ৰিয় শিল্পী। প্ৰেমত পৰিলেই হওক বা প্ৰেম বিচ্ছেদেই হওক, অৰিজিতৰ গীতবোৰ জীৱনৰ যিকোনো সময়ৰ বাবে সংগী। এয়া তেওঁৰ শ্ৰোতাৰ অনুভৱ। জগতজোৰা খ্যাতি তেওঁৰ। তেওঁৰ সংগীত শুনিবলৈ দৰ্শকে লাখ লাখ টকা খৰচ কৰে। নেপথ্য কণ্ঠৰ বাবে তেওঁ কেইবাটাও বঁটা লাভ কৰিছে। কিন্তু এজন ব্যক্তিৰ মতে অৰিজিতৰ গান ভয়ংকৰ। ইমানেই বেয়া যে শুনিব পৰা নাযায়। কণ্ঠশিল্পী অনুৰাধা পড়োৱালে অৰিজিতৰ গীতক সমালোচনা (Singer Anuradha Padwal criticises Arijit’s song) কৰে।
আশীৰ দশকৰ পৰা নব্বৈৰ দশকলৈকে তেওঁ অবিৰতভাৱে গীত গাইছিল। অনুৰাধা সেই সময়ৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী আছিল। চিনেমাৰ গীতৰ বাহিৰেও তেওঁ ভক্তিমূলক গীতৰ বাবে দৰ্শকৰ মাজত জনপ্ৰিয়। শেহতীয়াকৈ বলীউডত ৰিমিক্স গীতৰ কথা কওঁতে কণ্ঠশিল্পীগৰাকীয়ে এক অভাৱনীয় মন্তব্য কৰে। তেওঁৰ ‘আজ ফিৰ তুম পে প্যাৰ’ গীতটোৰ তুলনা অৰিজিতৰ একেটা গীতৰ ৰিমিক্স সংস্কৰণৰ সৈতে কৰিছিল। গীত শুনি অনুৰাধাই কান্দি উঠে।
অনুৰাধা আৰু পংকজ উধাছে ১৯৮৮ চনৰ ‘দয়াবিন’ ছবিত লক্ষ্মীকান্ত-প্যাৰেলালৰ ৰচনাৰ ‘আজ ফিৰ তুম পে প্যাৰ’ গীতটি গাইছিল। ২৬ বছৰৰ পাছত একেটা গীতৰ ৰিমিক্স সংস্কৰণ ‘হেট ষ্ট’ৰী ২’ ছবিখনত মুক্তিলাভ কৰে। গীতটিত কণ্ঠদান কৰিছিল অৰিজিত সিঙে। সেই সময়ত গানটো শুনি গায়িকাগৰাকীয়ে ভয় খাইছিল। অৰিজিতৰ গান পাহৰিবলৈ তেওঁ কেইবাবাৰো নিজৰ গান শুনিবলগা হৈছিল।
অনুৰাধাৰ ভাষাত, “মোক এজনে কৈছিল ‘আজ ফিৰ তুম পে’ গীতটিৰ ৰিমিক্স সংস্কৰণ মুকলি কৰা হৈছে। গীতটি বৰ জনপ্ৰিয় হৈছে। কিন্তু সেই গানটো শুনি মই কান্দি উঠিলো। ইয়াৰ পিছত ইউটিউবত গৈ মোৰ গানটো কেইবাবাৰো শুনাৰ পিছতহে শান্তি পালোঁ।”