
আমেৰিকা-ইৰাণৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছৰে পৰা কমেও ১১ খন জাহাজে হৰমুজ প্ৰণালী (Strait of Harmuz) অতিক্ৰম কৰি ভাৰত অভিমুখে গৈছে। ইয়াৰ বাহিৰেও হৰমুজ পাৰ হ’বলৈ পাৰ্চী উপসাগৰত অপেক্ষাত আছে আৰু ২৬ খন জাহাজ ।

কেন্দ্ৰীয় জাহাজ মন্ত্ৰালয়ৰ সূত্ৰৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে দ্য টাইমছ অব ইণ্ডিয়াই। প্ৰতিবেদন অনুসৰি, যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা (১ মাৰ্চ) ৩০ খন জাহাজ হৰমুজ প্ৰণালী পাৰ হৈ ভাৰতৰ দিশে আগবাঢ়িছে। ইয়াৰ ভিতৰত ভাৰতীয় জাহাজৰ লগতে আন দেশৰ পতাকা কঢ়িয়াই অনা জাহাজো আছে।
উল্লেখ্য যে ১১ মাৰ্চত আমেৰিকা-ইৰাণৰ সংঘাতৰ মাজতে এখন জাহাজ প্ৰথমে হৰমুজ প্ৰণালী পাৰ হৈ ভাৰতলৈ আহিছিল। উক্ত জাহাজখনত ১ লাখ টনতকৈও অধিক খাৰুৱা তেল আহিছিল।
তাৰ পিছৰে পৰা আৰু কেইবাখনো জাহাজ পৰ্যায়ক্ৰমে ভাৰতৰ বন্দৰত উপস্থিত হৈছে। জাহাজ মন্ত্ৰালয়ৰ সূত্ৰৰ উদ্ধৃতি দি দ্য টাইমছ অব ইণ্ডিয়াই প্ৰকাশ কৰিছে যে যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ভাৰত অভিমুখী ৩০ খন জাহাজে হৰমুজ প্ৰণালী অতিক্ৰম কৰিছে। আন ২৬ খন জাহাজ এই প্ৰণালী পাৰ হ’বলৈ অপেক্ষাত আছে।










