![]()
বলীউডত পুনৰ বিয়া (Again marriage in Bollywood)ৰ ছেহনাইৰ সুৰ। এইবাৰ দেউল পৰিয়ালত সুখৰ খবৰ। বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ নাতি (Dharmendra’s grandson) কৰ্ণ দেউলৰ বিবাহ (Karna Deol’s marriage) অতি সোনকালে। ছানী দেউলৰ পুত্ৰ কৰ্ণ। ইতিমধ্যে কৰ্ণই সহকাৰী পৰিচালক হিচাপে কাম আৰম্ভ কৰিছে।
বলীউডৰ অভিনেতাও হৈ পৰিছে তেওঁ। খবৰ মতে, শেহতীয়াকৈ কৰ্ণৰ দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে ধৰ্মেন্দ্ৰ আৰু প্ৰথম পত্নী প্ৰকাশ কৌৰৰ বিবাহ বাৰ্ষিকীত বাগ্দান হয়। চলিত বৰ্ষৰ জুন মাহত তেওঁ সাতপাক ঘুৰিবলৈ ওলাইছে। যদিও এতিয়ালৈকে কইনাৰ পৰিচয়ৰ বিষয়ে একো জানিব পৰা হোৱা নাই।

কৰ্ণ দেউলে ‘য়মলা পাগলা দীৱানা-২’ত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। ইয়াৰ পিছত ছানী দেউলৰ পুত্ৰই ‘পল পল দিল কে পাছ’ ছবিত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। অতি সোনকালে কৰ্ণক দেখা যাব ‘আপনে ২’ ছবিত। কিন্তু কৰ্ণৰ ভৱিষ্যত পত্নী গ্লেমাৰ জগতৰ নহয় বুলি খবৰ পোৱা গৈছে। যোৱা বছৰ কাণে কাণে শুনা গৈছিল যে কৰ্ণৰ হৃদয় বিখ্যাত পৰিচালক বিমল ৰায়ৰ নাতিনীয়েক দৃষ্টি ৰায়ে চুৰি কৰিছে। ধৰ্মেন্দ্ৰৰ নাতিনীৰ তেওঁৰ লগত বাগ্দান হোৱা বুলিও অনুমান কৰা হৈছিল। যদিও পিছত এই খবৰটো কৰ্ণৰ টিমে মিছা বুলি দাবী কৰিছিল। খবৰ অনুসৰি, কৰ্ণ আৰু দৃষ্টি শৈশৱৰ বন্ধু। প্ৰেমৰ নহয় বন্ধুত্বৰ সম্পৰ্ক।

খবৰ অনুযায়ী, আগন্তুক জুন মাহত আত্মীয়ৰ উপস্থিতিত প্ৰেমিকাৰ সৈতে বিবাহপাশত আবদ্ধ হʼবলৈ ওলাইছে কৰ্ণ দেউল। চলিত বৰ্ষৰ ভেলেণ্টাইন ডেʼত ডুবাইত এগৰাকী অচিনাকি মহিলাৰ সৈতে দেখা গৈছিল ধৰ্মেন্দ্ৰৰ নাতিনীয়েকক। কৰ্ণ উক্ত মহিলাগৰাকীৰ লগত এক হʼবলৈ গৈ আছে নেকি? তাকে লৈ জল্পনা-কল্পনা তুঙ্গত।













