সমলিংগ বিবাহ (Same-sex marriage)ত সমৰ্থন! কংগনা ৰানাৱ (Kangana Ranaut)ত প্ৰাচীনপন্থী। যিসকলে এনে ধৰণৰ অপবাদ দিয়ে তেওঁলোকৰ মুখত চূণ পৰিল। সমলিংগ বিবাহৰ সমৰ্থনত ওলাই আহিছে অভিনেত্ৰীগৰাকী। বৰ্তমান এই বিষয়টোৱেই আটাইতকৈ বেছি চৰ্চিত বিষয় হৈ পৰিছে। সমলিংগ বিবাহৰ স্বীকৃতি বিচাৰি সমলিংগ লোকৰ লগত একগোট হৈছে। আইনীভাৱে যুঁজিছে। কংগনাৰ সমৰ্থনে যেন তেওঁলোকক অধিক সাহস দিছে। এনে দাবী অপূৰ্ব আছৰানিৰ।
তেওঁৰ মতে, এই বিষয়ত শিল্পীসকলে মুখ মেলিবলৈ লাজ কৰে। ইয়াত কংগনা অনায়াসে ওলাই আহিছে। কি কʼলে তেওঁ? নায়িকাগৰাকীয়ে দাবী কৰে যে যদি দুটা ভিন্ন হৃদয় এক হʼব বিচাৰে তেন্তে আইনে বাধা দিব নোৱাৰে।
ছাত্ৰীৰ লগত প্ৰতাৰণা!
শ্বাহৰুখ খানে ছাত্ৰীৰ লগত প্ৰতাৰণা কৰিছে? সংবাদ মাধ্যমে তেনেকৈয়ে কয়। বাতৰি মতে, এড-টেক ব্ৰেণ্ড (Ad-Tech Brands)ৰ মেনেজাৰ বাইজু (Byju) আৰু বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান (Shah Rukh Khan)ৰ বিৰুদ্ধে ‘প্ৰতাৰণামূলক আচৰণ’ (Cheating behaviour)ৰ অভিযোগ দাখিল কৰা হৈছে। ২০২১ চনৰ ইউ পি এছ চি পৰীক্ষাৰ প্ৰাৰ্থী প্ৰিয়ংকা দীক্ষিতৰ এই অভিযোগ। আয়োগৰ লগতে ছাত্ৰীগৰাকীয়েও অভিযোগ কৰে যে তেওঁ সংস্থাটোক ১.৮ লাখ টকা দিছিল। কিন্তু তেওঁ প্ৰশিক্ষণৰ সুবিধা নাপালে।