ASSAM TIMES POST
নগাঁও : নগাঁও পৌৰসভাৰ ব্যৰ্থতা আৰু দুৰ্নীতি, চহৰখনত জাৱৰ জোথৰৰ সমস্যা, যান-যঁটৰ সমস্যা, দেশত ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্হা, নিবনুৱা সমস্যা , মূল্য বৃদ্ধি আদিকে ধৰি বিভিন্ন সমস্যা সমাধানত বিজেপি চৰকাৰৰ ব্যৰ্থতা আৰু জনস্বাৰ্থ নীতিৰ প্ৰতিবাদত আজি নগাঁও পৌৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত নগাঁও পৌৰসভাৰ কাৰ্যালয় চৌহদত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা কংগ্ৰেছৰ নেতা-কৰ্মী সকলে মোদী চৰকাৰ হায় হায়, নিবনুৱা সমস্যা সমাধান কৰক, মূল্য বৃদ্ধি ৰোধ কৰক,পৌৰসভাৰ সমস্যা সমাধান কৰক,নগাঁও চহৰখন চাফা কৰক, সৰ্বানন্দ সোনোৱাল হুচিয়াৰ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন বিধায়ক ডা: দুৰ্ল্লভ চমুৱাই কয় যে দেশৰ অৰ্থনৈতিক মন্দা অৱস্থা দূৰ কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ ব্যৰ্থ হৈছে। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ বৰ্ধিত মূল্য ৰোধ কৰাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ ব্যৰ্থ। চৰকাৰৰ জনস্বাৰ্থ বিৰোধী কাম কাজৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি তুলিবৰ বাবে আৰু নগাঁও পৌৰসভাৰ ব্যৰ্থতা আৰু দুৰ্নীতি সম্পর্কত জনসাধাৰণক সজাগ কৰি তুলিবলৈ ডা: চমুৱাই দলীয় নেতা-কৰ্মী সকলক আহবান জনায় ।