ASSAM TIMES POST
নগাঁও : নগাঁও চহৰৰ গাতে লাগি থকা এটি অঞ্চল । য’ত চলে অপৰাধীৰ ৰাজত্ব। ড্ৰাগছৰ মুকলি বেহাৰ বাবেই এই অঞ্চলক এতিয়া ‘ড্ৰাগছ ৰোড’ বুলি বহুতে অভিহিত কৰিছে। সমগ্র ৰাজ্যৰ অপৰাধীৰ নিৰাপদ আশ্ৰয়স্থল হিচাপে বৰ্তমান এই অঞ্চলটো চৰ্চিত হৈছে । এই অঞ্চলটোত ড্ৰাগছৰ অবাধ প্ৰচলনৰ লগতে সঘনে সংঘটিত হৈ আহিছে বিভিন্ন অসামাজিক কাৰ্যকলাপ আৰু অপ্ৰীতিকৰ ঘটনা। নগাঁও চহৰৰ খাগৰিজান মহাবিদ্যালয়ৰ সমীপত ৰেল বিভাগৰ ভূমিত থকা এই অঞ্চলটিত এতিয়া অপৰাধীৰ অবাধ ৰাজত্ব চলাৰ অভিযোগ উত্থাপিত হৈছে । আনহাতে এই অঞ্চলত থিতাপি লোৱা অপৰাধীয়ে আৰক্ষী-প্ৰশাসনক কেৰেপ নকৰে । কিয়নো আৰক্ষীৰ অভিযানকাৰী দলৰ পৰা হাত সাৰিবলৈ এই অঞ্চলত অপৰাধীয়ে গ্ৰহণ কৰে এক বিশেষ কৌশল। ড্ৰাগছ অথবা কুখ্যাত অপৰাধীক বিচাৰি যোৱা আৰক্ষীক বাধা দিবলৈ অপৰাধীয়ে সাঁজু কৰি ৰাখে একাংশ মহিলাক। অপৰাধীৰ পৃষ্ঠপোষক এই মহিলাসকলে আৰক্ষীৰ অভিযানকাৰী দলক বিভিন্ন প্ৰকাৰে বাধা দিয়ে । যাৰ পৰিপ্ৰেক্ষিতত সঠিক খবৰ পাইয়ো বিভিন্ন সময়ত অভিযান চলোৱাত বাধাৰ সন্মুখীন হয় আৰক্ষী।
সংখ্যালঘূ জনবসতিপ্ৰধান এই অঞ্চলটোত ৰেল বিভাগৰ চৰকাৰী ভূমি আৰু খাগৰিজান মহাবিদ্যালয় খেল পথাৰৰ ভূমি বেদখল কৰি বসবাস কৰা একাংশ লোকে দৰিদ্রতাৰ সুযোগ লৈ চতুৰ অপৰাধীয়ে অপৰাধজনিত কাৰ্যকলাপ চলাই যোৱাত সহায়ক হিচাপে নিয়োগ কৰে এচাম মহিলাক। যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান উজনি আৰু নামনি অসমৰ বিভিন্ন প্ৰান্তলৈ এই অঞ্চলৰ পৰাই ড্ৰাগছৰ অবাধ বেহা চলোৱা হয় বুলি অভিযোগ উঠিছে । কেৱল ড্ৰাগছেই নহয় সঘনাই সংঘটিত হোৱা চিলনী চুৰিৰ গেঙৰো নিৰাপদ আশ্ৰয়স্থল হৈ পৰিছে এই অঞ্চল। সেয়ে এই ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে শীঘ্ৰেই এই অঞ্চলটোত অপৰাধ নিয়ন্ত্ৰন নকৰিলে অনাগত দিনত ইয়াৰ পৰা আৰু অধিক ভয়াবহ অপৰাধ সংঘটিত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।