জনজাতীয় বিক্ষোভৰ ফলত অশান্ত মণিপুৰ (Manipur Violence)। বৃহস্পতিবাৰে নিশা চুৰাচান্দপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ (N Biren Singh) সভাস্থলী জ্বলাই দিয়ে ক্ষুব্ধ জনতাই। আৰক্ষীৰ সৈতে গোটেই নিশা সংঘৰ্ষও সংঘটিত ।
আৰক্ষীয়ে দাবী কৰা মতে, মুখ্যমন্ত্রী বীৰেণ সিং সভাস্থলীত উপস্থিত হোৱাৰ ঠিক আগতেই উন্মাদ জনসাধাৰণে আক্রমণ কৰে৷ অশান্তিৰ বাবে শুকুৰবাৰৰ পৰা উত্তৰ-পূবৰ ৰাজ্যখনৰ কেইবাটাও অঞ্চলত ১৪৪ ধাৰা জাৰি কৰা হৈছে। বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। চৰকাৰী সূত্ৰ মতে, স্থানীয় জনজাতীয় মঞ্চৰ নেতাৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰা বুলি অভিযোগ উঠিছে।
মণিপুৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলনকাৰীৰ অভিযোগ মূলতঃ দুটা। প্ৰথমতে, ৰাজ্যৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল আৰু জলাশয়ৰ ওপৰত বননিবাসী জনগোষ্ঠীৰ পৰম্পৰাগত অধিকাৰ কাঢ়ি লোৱা। দ্বিতীয়তে, ৰাজ্যিক গীৰ্জাসমূহৰ ওপৰত ‘পৰিকল্পিত আক্ৰমণ’ৰ পৰিঘটনা। অৱশ্যে ৰাজনৈতিক প্ৰৰোচনাৰ বাবেই এনে অশান্তিৰ সৃষ্টি হোৱা বুলি দাবী কৰিছে ৰাজ্য চৰকাৰে।