ASSAM TIMES POST
গুৱাহাটীঃ জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ বিধেয়ক সম্পৰ্কত শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত ৰাজ্যৰ আন আন জাতীয় সংগঠনসমূহৰ লগতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সৈতে বিতংভাৱে আলোচনা কৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে। শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত কৃষক নেতাজনে কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে কৃষক মুক্তি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত ৰাজ্যৰ ৭০ টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে ‘কেব’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই ৭০ টা সংগঠনৰ মাজত আছিল আমছুও। সেই সময়ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আমছুক জাতীয় সংগঠন বোলাৰ বাবে কৃষক মুক্তিক সমালোচনা কৰিছিল। কিন্তু, শনিবাৰে সেই হিমন্ত বিশ্ব শৰ্মায়ে অমিত শ্বাহৰ উপস্থিতিত আমছুকে ধৰি আন সংগঠনসমূহৰ সৈতে আলোচনাত বহে। অমিত শ্বাহৰ বৈঠকলৈ নিমন্ত্ৰিত দল-সংগঠনসমূহক ভাৰতীয় জনতা পাৰ্টিৰ কথাত ভোল নাযাবলৈ গগৈয়ে আহ্বান জনাই কৃষক মুক্তিৰ সৈতে আলোচনাত বহিবলৈ বিজেপিৰ সাহস নাই বাবেই তেওঁলোকক আলোচনালৈ নামাতিলে বুলি গগৈয়ে কয়।