![]()
গাড়ীচালক এজনৰ বিৰুদ্ধে (against a driver) দিনৰ পিছত দিন ৬ বছৰীয়া শিশুকন্যাক যৌন নিৰ্যাতন (6 year girl sexually assaulted) চলোৱাৰ অভিযোগ উত্থাপন হৈছে। উক্ত গাড়ীখনতেই ছাত্ৰীগৰাকী প্ৰতিদিনে স্কুললৈ গৈছিল। সেই সময়ত চালকজনে তেওঁক আপত্তিজনকভাৱে স্পৰ্শ কৰা বুলি অভিযোগ উঠিছে। আনকি শিশুটিক ধৰ্ষণ কৰাৰ অভিযোগো তেওঁৰ বিৰুদ্ধে।
দিল্লীৰ শ্বাহীনবাগ (Shaheen Bagh in Delhi) অঞ্চলত সংঘটিত হৈছে এই ঘটনা। অভিযুক্তৰ নাম মহম্মদ আজহাৰ। দিল্লীত স্কুল বাছ চলায়। অভিযোগ অনুসৰি, যোৱা এবছৰ ধৰি ৬ বছৰীয়া শিশু এটাক নিতৌ যৌন নিৰ্যাতন চলাইছিল। শিশুটিৰ মাতৃৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰা আৰু POCSO আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, শিশুটিয়ে চালকজনৰ নিৰ্যাতনৰ বিষয়ে কাকো কোৱা নাছিল যদিও শেহতীয়াকৈ মাতৃক জনাইছিল। তেওঁ মাতৃক কয় যে বাছচালকে স্কুললৈ অহা-যোৱা কৰাৰ পথত তেওঁৰ ব্যক্তিগত অংশবোৰ আপত্তিজনকভাৱে স্পৰ্শ কৰে। ইয়াৰ পিছতে শিশুটিৰ মাতৃয়ে আৰক্ষীৰ কাষ চাপে। শ্বাহীনবাগ আৰক্ষী থানাত চালকজনৰ বিৰুদ্ধে লিখিত এজাহাৰ দাখিল কৰে।
ডিচিপি ৰাজেশ দেৱে কয় যে বিগত এবছৰ ধৰি যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত চালকজনক। তেওঁক জেৰা কৰি এই সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ প্ৰয়াস কৰা হৈছে। আন কোনো শিশু এই নিৰ্যাতনৰ বলি হৈছে নেকি সেই বিষয়েও তদন্ত চলি আছে।










