অৱশেষত আত্মসমৰ্পণ কৰিলে খালিস্তানী নেতা অমৃতপাল সিঙে (Amritpal Singh)। বিগত তিনিদিন পূৰ্বে অমৃতপালৰ পত্নী কিৰণদ্বীপক (Kirandeep) অমৃতসৰলৈ যোৱাৰ পৰত বিমানবন্দৰত শুল্ক বিভাগৰ বিষয়াই আটক কৰি জেৰা আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত কিৰণদ্বীপক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।
যোৱা ১৮ মাৰ্চৰ পৰা অমৃতপাল সিং পলাতক হৈ থকা অমৃতপাল সিং ‘ৱাৰিছ পঞ্জাব দে’ সংগঠনৰ মুৰব্বী। তেওঁ পৃথক দেশ খালিস্তানৰ দাবী কৰি আহিছে। ‘ৱাৰিছ পঞ্জাব দে’ সংগঠন পঞ্জাবী অভিনেতা দীপ সিদ্ধুৱে গঠন কৰিছিল। দীপ সিদ্ধুৰ মৃত্যুৰ পিছত অমৃতপাল সিঙে ইয়াক কব্জা কৰি লয়। তেওঁ ডুবাইৰ পৰা ভাৰতলৈ আহি এই সংগঠনত মানুহক জড়িত কৰা আৰম্ভ কৰে। চলিত বৰ্ষৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে অমৃতপাল চৰ্চালৈ আহিছিল। তেওঁ অজনালা আৰক্ষী থানাত নিজৰ আত্মীয়ক উলিয়াই অনাৰ বাবে সহস্ৰাধিক সমৰ্থকক লগত লৈ আক্ৰমণ কৰিছিল। এই আক্ৰমণত ৬জন আৰক্ষীৰ কৰ্মী আহত হৈছিল।