এইবাৰ কেন্দ্ৰীয় চৰকাৰে ড্ৰাগছ সেৱন আৰু সৰবৰাহ ৰোধৰ বাবে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। বুধবাৰে এক কাৰ্যসূচীত ড্ৰাগছ সৰবৰাহ ৰোধৰ কামত নিয়োজিত আৰক্ষী জোৱানৰ সন্মুখত গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰত এখন ড্ৰাগছমুক্ত দেশত পৰিণত হʼব।
শ্বাহে কয় যে এই কাম সময়মতে সম্পূৰ্ণ কৰাটো গৃহ মন্ত্ৰালয়ৰ অগ্ৰাধিকাৰ। অৱশ্যে এই ক্ষেত্ৰত ৰাজ্যসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
বুধবাৰে শ্বাহে এই প্ৰসংগত কয়, “ড্ৰাগছৰ বিৰুদ্ধে এই যুঁজখন ৰাজনীতিৰ উৰ্ধ্বত কৰা উচিত। ৰাজ্যত যিটো দলেই চৰকাৰত নাথাকক কিয়, এই ক্ষেত্ৰত সকলোৱে এক কঠোৰ নীতিৰে আগবাঢ়িব লাগে।” ড্ৰাগছ ৰোধৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোডীৰ (Narendra Modi) সফলতাৰ বিষয়ে বৰ্ণনা কৰি শ্বাহে কয় যে ২০২২ চনৰ জুন মাহৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈকে ৬ লাখ কেজি ড্ৰাগছ জব্দ কৰা হৈছে।
৭০০০ কোটি টকাৰ ড্ৰাগছ জ্বলাই ধ্বংস কৰা হয়। নাৰ্কোটিকছ কণ্ট্ৰল ব্যুৰোৰ (Narcotics Control Bureau) পৰিসংখ্যাৰ উল্লেখ কৰি শ্বাহে এই কথা কয়।তদন্তত প্ৰণালীবদ্ধ ভুলৰ বাবে বহু দেশে ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিব নোৱাৰিলে বুলিও গৃহমন্ত্ৰীয়ে কয়। ড্ৰাগছ ক্ৰেতা আৰু বিক্ৰেতা উভয়ৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দি শ্বাহে কয় যে যদি কাৰোবাৰ হাতত ড্ৰাগছৰ পেকেট পোৱা যায় তেন্তে উৎসৰ সন্ধান উলিয়াব লাগে।
পঞ্জাৱৰ দৰে সীমান্তৱৰ্তী ৰাজ্যসমূহত বাৰে বাৰে ড্ৰাগছ সৰবৰাহৰ ফলত স্থানীয় ৰাজনীতি আলোড়িত হৈ আহিছে। আনকি পঞ্জাবৰ পলাতক খালিস্তানী নেতা অমৃতপাল সিঙৰ বিৰুদ্ধেও ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। এই পৰিৱেশত শ্বাহৰ ড্ৰাগছবিৰোধী বাৰ্তাক বহুতে তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে।