
ভাৰতত কেতিয়া বুলেট ট্ৰেইন (Bullet Train) চলিব সেই লৈ বহুতৰে মনত কৌতুহল আছে। এইবাৰ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সেই বিষয়ে তথ্য প্ৰদান কৰে। তেওঁ কয় যে যদি সকলো ঠিকে থাকে তেন্তে অহা বছৰৰ আগষ্ট-ছেপ্টেম্বৰৰ ভিতৰত অৰ্থাৎ ২০২৭ চনৰ ভিতৰত ভাৰতত বুলেট ট্ৰেইন চলিবলৈ আৰম্ভ কৰিব পাৰিব। বুলেট ট্ৰেইন নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বিষয়েও ৰে’ল মন্ত্ৰীগৰাকীয়ে অৱগত কৰে।
ভাৰতৰ প্ৰথমখন বুলেট ট্ৰেইন মুম্বাই আৰু আহমেদাবাদৰ মাজত চলিব। অৱশ্যে এই ৰে’লখন একেলগে সমগ্ৰ পথটোত চলিব নোৱাৰিব। ৰে’লৱেৰ এই পথত পৰ্যায়ক্ৰমে ৰে’ল আৰম্ভ কৰাৰ পৰিকল্পনা আছে। সেই অনুসৰি কাম আগবাঢ়িছে। প্ৰথম পৰ্যায়ত গুজৰাটৰ চুৰাটৰ পৰা বিলিমোৰালৈ চলিব বুলেট ট্ৰেইন। এই পথটো ৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ। গুজৰাটত অনুষ্ঠিত এক অনুষ্ঠানত ৰে’ল মন্ত্ৰীগৰাকীয়ে বুলেট ট্ৰেইন সেৱা আৰম্ভণিৰ বিষয়ে এই আশাৰ বাৰ্তা প্ৰদান কৰে।

অশ্বিনী বৈষ্ণৱৰ মতে, “থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত বুলেট ট্ৰেইনখনৰ গাঁথনি নিৰ্মাণৰ কাম দুদিন পূৰ্বে সম্পূৰ্ণ হৈছে। এইবাৰ স্কুইজ টেষ্ট হ’ব।” এই পৰীক্ষাত ৰে’লখনৰ ডবাৰ গঠনৰ ক্ষমতা পৰীক্ষা কৰা হয়। অভিযন্তাসকলে নতুনকৈ নিৰ্মাণ কৰা গঠনটোৱে কিমান ‘লোড’ ল’ব পাৰে সেইটো পৰীক্ষা কৰে। সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতহে ডবাটো ট্ৰেকত পৰীক্ষা কৰা হয়। ৰে’ল মন্ত্ৰীগৰাকীয়ে আশাবাদী যে অহা বছৰৰ মে’ মাহত বুলেট ট্ৰেইনখন পৰীক্ষা কৰিব পৰা যাব।
ৰেল মন্ত্ৰীগৰাকীয়ে কয়, “অহা বছৰৰ মে’ বা জুন মাহৰ ভিতৰত ভাৰতৰ নিজা বুলেট ট্ৰেইনৰ পৰীক্ষা কৰা হ’ব। দুমাহৰ পৰা চাৰি মাহৰ ট্ৰায়েল ৰানৰ অন্তত প্ৰধানমন্ত্ৰীয়ে বুলেট ট্ৰেইন উদ্বোধন কৰিব।” তেওঁ লগতে কয় যে বুলেট ট্ৰেইনখন কাৰ্যক্ষম হ’লে ডেৰ ঘণ্টাৰ ভিতৰত বদোদৰাৰ পৰা মুম্বাইলৈ যোৱাটো সম্ভৱ হ’ব।
উল্লেখ্য যে ২০১৭ চনৰ অক্টোবৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ তদানীন্তন প্ৰধানমন্ত্ৰী ছিনজো আবেয়ে গুজৰাটৰ সবৰমতী ষ্টেচনৰ পৰা ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইন প্ৰকল্পৰ বাবে প্ৰায় ১ লাখ ৮ হাজাৰ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে।












