
দিল্লীত এজন মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ। দেওবাৰে নিশা দক্ষিণ দিল্লীৰ ঘৰৰ সন্মুখত চংথাম বিক্ৰম সিঙক (৫৪) আক্ৰমণ কৰা হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সোমবাৰে চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। ইতিমধ্যে এই গোচৰত আৰক্ষীয়ে ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰে ভিতৰত এজন নাবালকো আছে।
বিক্ৰমে দক্ষিণ দিল্লীৰ ছানলাইট কল’নীৰ কিলোকাৰী অঞ্চলত পৰিয়ালৰ সৈতে বাস কৰিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, বিগত কেইবাবছৰ ধৰি তেওঁ অঞ্চলটোত বাস কৰি আহিছে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে দেওবাৰে মাজনিশা তেওঁৰ ঘৰৰ সন্মুখত একাংশ যুৱকে হুলস্থুল কৰিছিল। আটাইকেইজনেই মদ্যপান কৰা বুলি অভিযোগ উঠিছে। পুৱাৰ ভাগত সৃষ্টি হোৱা অশান্তিৰ প্ৰতিবাদ কৰে বিক্ৰমে। সেই সময়ত যুৱককেইজনে তেওঁৰ ঘৰৰ সন্মুখত তেওঁক আক্ৰমণ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বিক্ৰমক নিৰ্বিচাৰে ঘোচা মাৰিছিল। এই আক্ৰমণত বিক্ৰম গুৰুতৰভাৱে আহত হয়। ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰি তেওঁক পুত্ৰই স্থানীয় চিকিৎসালয়লৈ লৈ যায়। চিকিৎসাধীন অৱস্থাত মণিপুৰী সংগীত শিল্পীজনৰ মৃত্যু হয়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, তেওঁক কোনো ভোটা বস্তুৰে আঘাত কৰা হ’ব পাৰে। চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, অত্যধিক ৰক্তক্ষৰণৰ বাবে তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে। এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ উপ আয়ুক্ত (দক্ষিণ-পূব) বিনীত কুমাৰে কয়, “মই আৰু অন্যান্য বিষয়াসকলে পৰিয়ালটোক লগ পাইছোঁ। তেওঁৰ সম্প্ৰদায়ৰ আনকো লগ পাইছোঁ। তৎকালীন আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এজন নাবালককো ধৰা হৈছে। তদন্ত এতিয়াও অব্যাহত আছে।”
দেওবাৰে নিশা সংঘটিত এই ঘটনাত গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে ভাৰত কুমাৰ (১৯), প্ৰমোদ (২৬), ৰমজান খান (২২), বিজয় (৩৬), দীপাংশু (২১), মোহন বিশ্বকৰ্মা (৩২) আৰু মন্নু (২৬)। ইয়াৰ উপৰি এজন নাবালককো গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, ধৃত লোকসকলৰ ভিতৰত চাৰিজনে এখন ধাবাত ডেলিভাৰী কৰ্মী হিচাপে কাম কৰে। দুজনে পেকেজিং কৰ্মী হিচাপে কাম কৰে। মন্নুই পিজ্জাৰ দোকান এখনত কাম কৰে।
ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি, বিক্ৰম আছিল মণিপুৰৰ সংগীত জগতৰ এক চিনাকি মুখ। আশীৰ দশকৰ আৰম্ভণিতে মণিপুৰ ৰক বেণ্ড ‘ফিনিক্স’ৰ গীটাৰিষ্ট আছিল তেওঁ। ইয়াৰ উপৰি তেওঁ আল্ট্ৰা ভাইৰাছ আৰু ইষ্টাৰ্ণ ডাৰ্ক বেণ্ডৰ সৈতেও জড়িত আছিল। পিছত মণিপুৰ এৰি দিল্লীত থাকিবলৈ লয়। তাতে সংগীতৰ শিক্ষক হিচাপে জীৱন নিৰ্বাহ কৰিছিল।











