কাৰ্বি আংলং (Karbi Anglong) জিলাৰ লংকাইজান (Lankaijan)ত এক হাজাৰ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ (Solar Power Plant) বাবে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা এপিডিচিএল (APDCL)ক দুহাজাৰ বিঘা ভূমি (Land) দিবলৈ লোৱা বুলি দাবী কৰি পৰিষদৰ এনে পদক্ষেপৰ বিৰোধিতা কৰিছে জেচিচিপিএ (JCCPA)ই। সংগঠনটোৰ আহ্বায়কদ্বয় ক্ৰমে ছয়ছিং ৰংপি, খৰছিং টেৰণ আৰু সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰংপিয়ে আজি বিহুত এক সংবাদমেলৰ আয়োজন কৰি এই কথা উল্লেখ কৰে। কাৰ্বি আংলঙ জনজাতীয় এলেকাৰ ভূমিৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে স্বায়ত্বশাসিত পৰিষদ দায়ৱদ্ধ যদিও পৰিষদে জধে মধে পৰিষদৰ ভূমি দান কৰিবলৈ লোৱা বুলি অসন্তুষ্টি প্ৰকাশ কৰি জনজাতীয় এলেকাৰ ভূমিৰ সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহীসদস্যক আহ্বান জনায়।
আনহাতে, পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত সঘনে উত্তেজনা পূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হোৱা ঘটনাত উদ্বেগ প্ৰকাশ কৰি সীমান্তবাসীক শান্তি সম্প্ৰীতি বজাই ৰখাৰ আহ্বান জনোৱাৰ লগতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ আৰু জিলা প্ৰশাসনক সীমান্ত এলেকাটোৰ শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।
লগতে যোৱা ১৭ এপ্ৰিলত অসম-মেঘালয় সীমান্তৰ মুথাডেত খাছী দুৰ্বৃত্তই অসমৰ এন্ট্ৰি টেক্স গেট লণ্ডভণ্ড কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে উক্ত ঘটনাৰ পিছত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ কৰ্তৃপক্ষ আৰু বিজেপিৰ নেতাসকলে কোনো খবৰ নোলোৱা কাৰ্যক ৰহস্যজনক বুলি কয় ৷ লগতে সীমান্ত সমস্যা সমাধান কৰিবলৈ ৰাজনৈতিক হেঁচাৰ সৃষ্টি কৰিবলৈ জেচিচিপিয়ে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়৷